অসম

assam

ETV Bharat / state

জৰাজীৰ্ণ পথত অতিষ্ঠ বাইহাটাবাসী - জৰাজীৰ্ণ

অঞ্চলটোৰ প্ৰায় 15 খন গাঁৱৰ লোকে যাতায়ত কৰা এই পথটোৰ দুৰৱস্থাই গাঁওবাসীয়ক যথেষ্ঠ সমস্যাত পেলাইছে ৷

জৰাজীৰ্ণ পথৰ বাবে বাইহাটাবাসীৰ প্ৰতিবাদ

By

Published : May 29, 2019, 12:49 PM IST


বাইহাটা , 29 মে': গুৱাহাটী মহানগৰীৰ পৰা মাত্ৰ 15 কিলোমিটাৰ নিলগত থকা বৰমাৰৈ দেউদুৱাৰ সংযোগী পথটো সমপ্ৰতি বিধ্বস্ত ৷ অঞ্চলটোৰ প্ৰায় 15 খন গাঁৱৰ লোকে যাতায়ত কৰা এই পথটোৰ দুৰৱস্থাৰ বাবে গাঁওবাসীয়ে বহু সমস্যাৰ সন্মুখীন হ'ব লগীয়া হৈছে ৷

জৰাজীৰ্ণ পথৰ বাবে বাইহাটাবাসীৰ প্ৰতিবাদ

বাইহাটা চাৰিআলিৰ এই জৰাজীৰ্ণ পথটোৰে 108 সোমাব নোৱাৰত , ৰোগীক চিকিৎসালয়লৈ নিবলৈ সাঙীয়ে এক মাত্ৰ যাতায়তৰস্থল হৈ পৰে ৷ ইয়াৰোপৰিও ছাত্ৰ-ছাত্ৰী সকলেও বিদ্যালয়লৈ যোৱাত বহু অসুবিধাৰ সন্মুখীন হয় ৷ ইপিনে ৰজাঘৰীয়াৰ ওচৰত অঞ্চল বাসীয়ে বাৰম্বাৰ আবেদন কৰাৰ পিচতো আজি পৰ্যন্ত কোনো সহাৰি নোপোৱাৰ অভিযোগ গাঁওবাসীৰ ৷ সেয়ে আজি অঞ্চলটোৰ ক্ষোভিত ৰাইজ প্ৰতিবাদত নামি পৰে ৷ প্ৰতিবাদকাৰী সকলে 'অসম চৰকাৰ হায় হায়' আৰু 'গড়কাপ্তনী বিভাগ মুৰ্দবাদ ধ্বনিৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ৷ কেৱল ইমানেই নহয় , প্ৰতিবাদকাৰী সকলে পথৰ মাজত জাল-জাকৈ , পল' আদিৰে মাছ মাৰিও প্ৰতিবাদ সাব্যস্ত কৰে ৷

ABOUT THE AUTHOR

...view details