অসম

assam

ETV Bharat / state

দক্ষিণ কামৰূপত CAA বিৰোধী জন জাগৰণঃ কি কলে সাংবাদিক অজিত কুমাৰ ভৃঞাই ? - CAA ৰ বিৰোধীতাৰে দক্ষিণ কামৰূপৰ ৰামপুৰত জন জাগৰণ

আনহাতে এই প্ৰতিবাদী সভাত শিল্পী সমাজৰ তৰফৰ পৰা লগতে নাট্যকাৰ, অভিনেতা হিমাংশু প্ৰসাদ দাস সহিতে এটি নাট্যদলে এই আইনখন গৃহীত হ'লে ভৱিষ্যতত কি পৰিস্থিতিৰ সৃষ্টি হ'ব এই বিষয়ে নাট্যঅভিনয়ৰ জড়িয়তে প্ৰতিবাদী ৰাইজৰ সন্মুখত উপস্থাপন কৰে ।

ৰামপুৰত  CAA বিৰোধী জন জাগৰণ
ৰামপুৰত CAA বিৰোধী জন জাগৰণ

By

Published : Jan 12, 2020, 7:33 PM IST

কামৰূপ, 12 জানুৱাৰী: নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যৰ লগতে দেশত অব্যাহত আছে উত্তাল প্ৰতিবাদ । কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'CAA' বলবৎ কৰিবলৈ ৰাজপত্ৰিকাযোগে নিৰ্দেশ দিছে যদিও বৰ্তমানেও আইনখন বাতিলৰ দাবীত প্ৰতিবাদমুখৰ হৈ আছে সমগ্ৰ ৰাজ্য । ইয়াৰ সমান্তৰালভাৱে দক্ষিণ কামৰূপ ছাত্ৰ সন্থা আৰু দক্ষিণ কামৰূপ 'CAA' বিৰোধী মঞ্চৰ উদ্যোগত ৰামপুৰত আয়োজন কৰা হৈছে এক জনজাগৰণ সভা ।

লগতে পঢ়ক: ই টিভি EXCLUSIVEঃ অমিত শ্বাহৰে বৈঠক অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণ সমিতিৰ

দেওবাৰৰ এই প্ৰতিবাদী মঞ্চত বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই অংশগ্ৰহণ কৰি চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে আৰ এছ এছ, বিজেপিলে ভয় নকৰো কিয়নো পূৰ্বতেও জাতিৰ বাবে ৫ বাৰ জেললৈ যোৱা বুলি মঞ্চতে মন্তব্য কৰে । ভৱিষ্যতেও অসমৰ সকলো লোকক একত্ৰিত হৈ জাতিৰ ৰক্ষাৰ এই আন্দোলন তীব্ৰতৰ কৰিবলৈ আহ্বান জনাই । আনহাতে এই প্ৰতিবাদী সভাত শিল্পী সমাজৰ তৰফৰ পৰা লগতে নাট্যকাৰ, অভিনেতা হিমাংশু প্ৰসাদ দাস সহিতে এটি নাট্যদলে এই আইনখন গৃহীত হ'লে ভৱিষ্যতত কি পৰিস্থিতিৰ সৃষ্টি হ'ব এই বিষয়ে নাট্যঅভিনয়ৰ জড়িয়তে প্ৰতিবাদী ৰাইজৰ সন্মুখত উপস্থাপন কৰে । এই সভাত ৰামপুৰবাসী ৰাইজৰ লগতে বহুতো দল-সংগঠনে অংশগ্ৰহন কৰে ।

For All Latest Updates

ABOUT THE AUTHOR

...view details