অসম

assam

ETV Bharat / state

পথ মেৰামতিৰ দাবীত উত্তাল প্ৰতিবাদ ৰঙিয়াত

পথ মেৰামতিৰ প্ৰতিশ্ৰুতিৰে পাঁচমাহ আগতেই ঠিকাদাৰে ভাঙি পেলালে ৰঙিয়াৰ গৰকা-দীপ্তেশ্বৰী পথ ৷ সেই পথেৰে যাব লগা হ'লে অধিক ভাড়া বিচাৰে যাত্ৰীবাহী বাহনে ৷ বিধায়ক ভবেশ কলিতাৰ বিৰুদ্ধে অৱহেলাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

মেৰামতিৰ প্ৰতিশ্ৰুতিৰে পাঁচমাহ আঘতেই ঠিকাদাৰে ভাঙি পেলালে পথঃৰাইজৰ উত্তাল প্ৰতিবাদ

By

Published : Oct 19, 2019, 5:44 PM IST

ৰঙিয়া,19 অক্টোবৰঃ শোচনীয় পথ পুনৰ নিৰ্মাণৰ দাবীত ৰঙিয়াত পথ অৱৰোধ স্থানীয় ৰাইজৰ ৷ ৰঙিয়াৰ গৰকা-দীপ্তেশ্বৰী পথটো 2019 চনৰ জুন মাহত নিৰ্মাণৰ বাবে ঠিকা লাভ কৰা ঠিকাদাৰজনে নিৰ্মাণৰ সুবিধাৰ বাবে ভাঙি পেলায় ৷ কিন্তু পথটো ভঙাৰ পাঁচমাহ পিছতো আজিকোপতি পুনৰ নিৰ্মাণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে গড়কাপ্তানী বিভাগে ৷ বাৰিষা একাঁঠু বোকা আৰু খৰালি ধূলি বালিৰে পোত খাই থকা পথটোৰ বাবে ভীষণ অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ ৷ উল্লেখযোগ্য যে,যাত্ৰীবাহী বাহন সমূহে উক্ত পথটোৰে সাধাৰণতে যাব নিবিচাৰে বা যাব লগা হ'লেও অধিক ভাড়া বিচাৰে যাত্ৰীৰ পৰা ৷ পথটোৰ ওচৰতেই থকা শংকৰদেৱ শিশু নিকেটন বিদ্যালয়খন উদ্বোধন কৰাৰ লগতে কেইবাটাও সকামত ৰঙিয়াৰ স্থানীয় বিধায়ক ভবেশ কলিতাই এই পথটোৰে কেইবাবাৰো অহাযোৱা কৰিছে । তৎ স্বত্ত্বেও বিধ্বস্ত পথটোত এই পৰ্য্যন্ত নিৰ্মাণৰ বাবে এচপৰা শিলো পৰা নাই । সেয়েহে আজি স্থানীয় ৰাইজে পথটো পুনৰ নিৰ্মাণৰ দাবীত পথ অৱৰোধ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। পথ অৱৰোধৰ ফলত আবদ্ধ হৈ পৰে বহু যান বাহন ৷

মেৰামতিৰ প্ৰতিশ্ৰুতিৰে পাঁচমাহ আঘতেই ঠিকাদাৰে ভাঙি পেলালে পথঃৰাইজৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details