দক্ষিণ কামৰূপ, 16 নৱেম্বৰঃৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই সাংবাদিক মিলন মহন্তক চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ মিৰ্জাৰ মনীয়েৰী তিনি আলিত । তিনিআলিৰ মূল চ’কতে এটি বিদ্যুতৰ খুটাত বান্ধি অতি নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিল সাংবাদিক মিলন মহন্তক ৷ আক্ৰমণকাৰী সঞ্জয় ঠাকুৰীয়াৰ লগতে গুণ্ডাবাহিনীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে ৷ দোষীক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীক 24 ঘন্টাৰ সময়সীমা বান্ধি দিছে ৰাইজে ৷
প্ৰেছ দিৱসৰ দিনাই সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদ আজাৰাত - journalist Milan Mahanta attack
ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই সাংবাদিক মিলন মহন্তক চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ মিৰ্জাৰ মনীয়েৰী তিনিআলিত । আক্ৰমণকাৰী সঞ্জয় ঠাকুৰীয়াৰ লগতে গুণ্ডাবাহিনীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে ৷
![প্ৰেছ দিৱসৰ দিনাই সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদ আজাৰাত As_kam_01-03_protest_for_reporter_attack_vis_as10020](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9562472-thumbnail-3x2-kamrup.jpg)
প্ৰেছ দিৱসৰ দিনাই সাংবাদিকৰ ওপৰত হোৱা আক্ৰমনৰ প্ৰতিবাদ আজাৰাত
প্ৰেছ দিৱসৰ দিনাই সাংবাদিকৰ ওপৰত হোৱা আক্ৰমনৰ প্ৰতিবাদ আজাৰাত
আনহাতে, ঘটনা সন্দৰ্ভত পলাশবাৰী আৰক্ষী থানাত ৰুজু হৈছে এক গোচৰ । 515/20 নম্বৰত 341,324,325,392 ধাৰাত গোচৰ ৰুজু কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত । কিন্তু বৰ্তমানলৈকে পলাতক সঞ্জয় ঠাকুৰীয়াক গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে ।