অসম

assam

By

Published : Jan 7, 2020, 2:27 AM IST

Updated : Jan 7, 2020, 4:05 AM IST

ETV Bharat / state

দেশ কঁপোৱা JNU কাণ্ডৰ প্ৰতিবাদ গুৱাহাটীতো

JNU কাণ্ডৰ প্ৰতিবাদ অসমতো ৷ অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে গুৱাহাটী আই.আই.টিতো এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ ৷ আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়টো JNU কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ ৷ কটন বিশ্ববিদ্যালয়টো দেশ কঁপোৱা JNU কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ ৷

Protest against JNU case in IIT Guwahati and Gauhati University and Cotton University
দেশ কঁপোৱা JNU কাণ্ডৰ প্ৰতিবাদ গুৱাহাটীতো

কামৰূপ, 6 জানুৱাৰীঃ JNU কাণ্ডক লৈ উত্তাল সমগ্ৰ দেশ ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আই.আই.টি গুৱাহাটীতো প্ৰতিবাদ ৷ দেশৰ এক অন্যতম আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান আই.আই.টি গুৱাহাটীৰ মূল প্ৰৱেশদ্বাৰৰ সমীপত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ । হাতে হাতে মম লৈ ছাত্ৰ-ছাত্ৰী সকলে বাহিৰ কৰে এক প্ৰতিবাদী সমদল ৷ JNUৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আই.আই.টি গুৱাহাটীৰ ছাত্ৰ সমাজে ৷ এই নিন্দনীয় বৰ্বৰ ঘটনাৰ অতি শীঘ্ৰেই উচিত তদন্তৰ দাবী জনাই আই.আই.টিৰ প্ৰতিবাদকাৰী ছাত্ৰ সমাজে ৷

JNU কাণ্ডক লৈ উত্তাল IIT গুৱাহাটী

আৰু পঢ়কঃJNU হিংসা : তীব্ৰ গৰিহণা পশ্চিমবংগ,কেৰালাৰ মুখ্যমন্ত্ৰীৰ

গুৱাহাটীঃ নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত সংঘটিত শিক্ষাৰ্থী তথা শিক্ষকক বৰ্বৰভাৱে আক্ৰমণৰ দেশৰ সৰ্বত্ৰে ধিক্কাৰ ৷ গুৱাহাটী বিশ্ববিদ্যালয়তো JNU কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ ৷ বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সন্মূখত মমবাতি জ্বলাই মৌন প্ৰতিবাদ সাব্যস্ত কৰে বিশ্ববিদ্যালয় ছাত্ৰসমাজে । বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশ কৰি শিক্ষাৰ্থী তথা শিক্ষকক আক্ৰমণ কৰা কাৰ্যক ধিক্কাৰ দিয়ে গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰসমাজে । এই জঘন্য ঘটনাৰ নিৰপেক্ষ তদন্ত কৰাৰ দাবী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ । দিল্লী আৰক্ষীৰ ভুমিকাকো সমালোচনা কৰে ছাত্ৰসমাজে ৷ আনহাতে এই কাৰ্যসূচীৰ জৰিয়তে গুৱাহাটী বিশ্ববিদ্যালয় পৰিয়াল JNUৰ লগত আছে বুলি উল্লেখ কৰে বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই ।

দেশ কঁপোৱা JNU কাণ্ডৰ প্ৰতিবাদ বিশ্ববিদ্যালয়টো

আৰু পঢ়কঃজে.এন.ইউ হিংসাৰ ওপৰত প্ৰতিক্ৰিয়া স্বৰা ভাস্কৰ আৰু পূজা ভাটৰ

গুৱাহাটীঃ কটন বিশ্ববিদ্যালয়টো দেশ কঁপোৱা JNU কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ ৷ এই বৰ্বৰ ঘটনাৰ প্ৰতিবাদত কটন বিশ্ববিদ্যালয়ৰ সন্মূখত এছ.এফ.আইৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ৰূপায়ন কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ এই প্ৰতিবাদত অংশগ্ৰহণ কৰে কেৰালাৰ চিপিআইৰ ৰাজ্যসভাৰ সাংসদ বিনয় বিশ্বমে ৷ এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি বিজেপি চৰকাৰ মুর্দাবাদ, আৰ.এছ.এছ মুর্দাবাদ, এ.বি.ভি.পি মুর্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ ৷ প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীৰ পৰাই অভিযোগ উত্থাপন কৰে যে JNUৰ আক্ৰমণৰ ঘটনাৰ লগত বিজেপিৰ ছাত্ৰ সংগঠন এ.বি.ভি.পি জড়িত আছে । চৰকাৰে এই ঘটনাৰ লগত জড়িত কিছুমান ব্যক্তিৰ ফটো সামাজিক মাধ্যমত প্ৰকাশ পোৱাৰ পিচতো তেওঁলোকৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা কিয় নাই বুলিও প্ৰশ্ন উত্থাপন কৰে ৷

কটন বিশ্ববিদ্যালয়টো দেশ কঁপোৱা JNU কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ

আনহাতে এছ.এফ.আইৰ এই প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে কেইবাগৰাকী বাওঁপন্থী নেতাৰ লগতে ৰাজ্যসভাৰ সাংসদ বিনয় বিশ্বমে অংশগ্ৰহণ কৰি কেন্দ্ৰীয় বিজেপি চৰকাৰৰ লগতে আৰ.এছ.এছ আৰু এ.বি.ভি.পিক তীব্ৰ সমালোচনা কৰে । অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰ পিচত প্ৰতিবাদকাৰীসকলে এক প্ৰতিবাদী সমদল উলিয়াই কটন বিশ্ববিদ্যালয়ৰ পৰা গুৱাহাটী ক্লাবলৈ যাত্ৰা কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গান দি অতি শীঘ্ৰে JNUৰ আক্ৰমণৰ ঘটনাৰ লগত জড়িত ব্যক্তিসকলক আটক কৰি শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে ।

আৰু পঢ়কঃটিংখাঙত মাইক্ৰ'ফাইনেঞ্চৰ বিৰুদ্ধে গৰ্জন মহিলাৰ

আৰু পঢ়কঃতিতাবৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ "গণ হুংকাৰ"

Last Updated : Jan 7, 2020, 4:05 AM IST

ABOUT THE AUTHOR

...view details