অসম

assam

ETV Bharat / state

মিৰ্জাত চি আই টি ইউৰ উদ্যোগত ব্যাপক প্ৰতিবাদ - ৰাষ্ট্ৰীয় ঘাইপথ

দিল্লীৰ প্ৰতিবাদী কৃষকসকলক সমৰ্থন জনায় মিৰ্জাত উত্তাল প্ৰতিবাদ । প্ৰতিবাদী ৰাইজে অৱৰোধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ ।

Protest against farmer act
Protest against farmer act

By

Published : Jan 7, 2021, 2:55 PM IST

আজাৰা, 7 জানুৱাৰী : কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা ৩ খনকৈ কৃষি আইনৰ বিৰোধিতাৰে লাখ লাখ কৃষকে প্ৰতিবাদ সাৱ্যস্ত কৰি আছে দিল্লীত । প্ৰায় ডেৰমাহ ধৰি কৃষকসকলে সাব্যস্ত কৰি আছে প্ৰতিবাদ । তাৰ সমান্তৰালভাৱে বৃহস্পতিবাৰে মিৰ্জাৰ মামনি ৰয়চম চকত চিআই টি ইউৱে দিল্লীৰ প্ৰতিবাদী কৃষকসকলক সমৰ্থন জনাই এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

মিৰ্জাত চি আই টি ইউৰ উদ্যোগত ব্যাপক প্ৰতিবাদ

প্ৰায় ৫ শতাধিক প্ৰতিবাদকাৰীসকলে কৃষক বচাওক, দেশ বচাওক, মোডী চৰকাৰ হায় হায়, শ্ৰম বিৰোধী আইন বাতিল কৰক আদি বিভিন্ন দাবীৰে বেনাৰ পোষ্টাৰ হাতত লৈ কৃষক বিৰোধী তিনিখন আইন বাতিল কৰাৰ শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । আনকি প্ৰতিবাদকাৰীসকলে মিৰ্জাৰ মামনি ৰয়ছম গোস্বামী চ'কত অৱৰোধ কৰে গুৱাহাটী-গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ । ৰাষ্ট্ৰীয় ঘাইপথচোৱা অৱৰোধ কৰাৰ সময়চোৱাত সৃষ্টি হয় তীব্ৰ যান-জঁট ।

প্ৰতিবাদ স্থলীত পলাশবাৰী ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ প্ৰতিবাদী কাৰ্যসূচীটো অবৈধ বুলি ঘোষণা কৰাৰ লগে লগেই পলাশবাৰী আৰক্ষীয়ে সকলোকে আটক কৰে । আটক কৰাৰ লগে লগেই অধিক উত্তেজিত হৈ পৰে প্ৰতিবাদকাৰীসকল ।

লগতে পঢ়ক :বহুত মানুহ দেখাৰ বাবেই চৰ্চিত হ'ল গণশিল্পী সূৰ্য দাস

ABOUT THE AUTHOR

...view details