কামৰূপ,18 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। মহানগৰীৰ ধাৰাপুৰত শনিবাৰে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত 'গণ হুংকাৰ' কাৰ্যসূচী ৰূপায়ণ কৰে। সদৌ অসম ছাত্ৰ সন্থাআৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত ধাৰাপুৰ ছাত্ৰ সন্থা আৰু আজাৰা ছাত্ৰ সন্থাৰ উদ্যোগত শিল্পী সমাজ,ধাৰাপুৰ জেষ্ঠ নাগৰিক,মহিলা সমিতিৰ লগতে ধাৰাপুৰ,আজাৰাবাসী ৰাইজৰ সহযোগত অনুস্থিত হয় 'গণ হুংকাৰ' কাৰ্যসূচী ।
এই 'গণ হুংকাৰ' কাৰ্যসূচীত শিল্পী সমাজে অংশ লৈ এই আইনৰ তীব্ৰ বিৰোধিতা কৰে। শিল্পী সমাজৰ তৰফৰ পৰা বাবু বৰুৱা,ভৃগু কাশ্যপ,মানস ৰবীন,অজয় ফুকন,নেকিব, ৰূপা কাশ্যপ,চন্দন,ইবচন লাল বৰুৱাই অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰী শিল্পী সকলৰ একেই বাক্য আমি 'কা' নামানো । কেন্দ্ৰীয় চৰকাৰে লোৱা এই হঠকাৰী সিদ্ধান্তই অসমৰ কৃষ্টি-সংস্কৃতি,ভাষাত যঠেষ্ট প্ৰভাৱ পেলাব যাৰ সকলো অসমীয়া লোকে হেৰুৱাব লাগিব মৰ্যাদা সেয়ে এই আইন বাতিল নোহোৱালৈ এই আন্দোলন চলিব বুলি মন্তব্য কৰে শিল্পী সমাজে । শিল্পী সমাজে এই 'নাগৰিকত্ব সংশোধনী আইন' বিৰোধী আন্দোলনত অংশ লৈ গীতেৰে-কথাৰে প্ৰতিবাদ চলাই । লগতে এই বিতৰ্কিত আইনখনৰ বিৰোধিতাৰে 'গণ হুংকাৰ' কাৰ্যসূচীত বিশিষ্ট অধিবক্তা চৈতেন্য শৰ্মাৰ লগতে প্ৰতিবাদী ব্যক্তিয়ে চৰকাৰ ক্ষুৰধাৰ সমলোচনা কৰে।