অসম

assam

ETV Bharat / state

Protest in Rangia: ৰঙিয়াত BJP ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ - Protest aagainst govt in Rangia

বুধবাৰে ৰঙিয়াত বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথত সমদল উলিয়াই যুৱ কংগ্ৰেছৰ সদস্যসকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । প্ৰতিবাদ সাব্য়স্ত কৰি প্ৰতিবাাদকাৰীসকলে দাহ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবি ।

Protest against BJP in Rangia
ৰঙিয়াত BJP ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 8:59 PM IST

ৰঙিয়াত BJP ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

ৰঙিয়া,৩০ আগষ্ট:বুধবাৰে ৰঙিয়াত বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথত সমদল উলিয়াই যুৱ কংগ্ৰেছৰ সদস্যসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ৰঙিয়াৰ ৰাজীৱ ভবনৰ পৰা প্ৰতিবাদকাৰীসকলে সমদল কৰি আহি ৰঙিয়াৰ গান্ধীমণ্ডপৰ সন্মুখত ৰাজপথৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবি দাহ কৰে ।

প্ৰতিবাদস্থলীৰ পৰা যুৱ কংগ্ৰেছীসকলে বাজপেয়ী ভবনত চাকৰিৰ কলা বজাৰ চলি থকা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ দাবী কৰে । প্ৰতিবাদকাৰীসকলে বিজেপি অফিচত বহিছে চাকৰি বজাৰ, টকাৰ উঠিছে জোৱাৰ, ভক্তগণে গঢ়িছে টকাৰ পাহাৰ, বিজেপি মুৰ্দাবাদ, মুখ্যমন্ত্ৰী হায় হায়, অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত বিজেপি চৰকাৰ নিমাত কিয় আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে ।

কামৰূপ জিলা যুৱ কংগ্ৰেছৰ সভাপতি আছিফুৰ ৰহমানে অভিযোগ কৰে যে শূণ্য সহনশীলতা নীতিৰ শ্লোগান দিয়া বিজেপি চৰকাৰৰ দিনত একাংশ নেতা-পালিনেতাই চৰকাৰী চাকৰি দিয়াৰ নামত শেহতীয়াকৈ যি ভয়ানক কেলেংকাৰীত জড়িত হৈ পৰিছে, তেনেবোৰ কথাই বিজেপি দলৰ প্ৰকৃত চৰিত্ৰ ওদঙাই পেলাইছে ।

লগতে চাকৰিৰ ক'লা বজাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে যেতিয়ালৈকে স্পষ্টীকৰণ নিদিয়ালৈকে তেতিয়ালৈকে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থাকিব বুলিও হুংকাৰ দিয়ে যুৱ কংগ্ৰেছৰ নেতাগৰাকীয়ে । প্ৰতিবাদৰ মাজতে ৰঙিয়া আৰক্ষীয়ে প্ৰতিবাদীকাৰীসকলক আটক কৰে । বুধবাৰে প্ৰতিবাদত ৰঙিয়া বিধান সভা যুৱ কংগ্ৰেছৰ সভাপতি নাৰায়ণ দত্ত, কামৰূপ জিলা যুৱ কংগ্ৰেছৰ সভাপতি আছিফুৰ ৰহমান, ৰঙিয়া নগৰ ব্লক কংগ্ৰেছৰ সভাপতি উজ্বল লহকৰ, ৰঙিয়া গ্ৰাম্য ব্লক কংগ্ৰেছৰ সভাপতি উদ্ধৱ দাস আৰু বহুকেইজন যুৱ কংগ্ৰেছৰ বিষয়ববীয়া তথা সদস্যই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:Zubeen Controversy: জুবিন গাৰ্গ শিষ্টাচাৰ নজনা শিল্পী; অজাপ

ABOUT THE AUTHOR

...view details