ৰঙিয়া,৩১ আগষ্ট:বান শাম কটাৰ দুমাহ পিছতো ৰঙিয়াৰ ধেপাৰগাঁও, বগৰীবাৰী গড়কাপ্তানী পথৰ মেৰামতি নকৰিলে লোকনিৰ্মাণ বিভাগে(Negligence of PWD department) । যাৰ ফলত যাতায়তৰ বাবে যমৰ যাতনা ভুগিব লগীয়া হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজে । একেই সমস্যাত ভূগিছে ৰঙিয়াৰ ভিন্ন প্ৰান্তৰ ৰাইজে ।
প্ৰায় দুমাহ পূৰ্বে ৰঙিয়াৰ বগৰীবাৰীত পুঠিমাৰী নৈৰ মথাউৰি ভাঙি সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানে গুৰুত্বপূৰ্ণ পথটোৰ প্ৰায় ২০০ ফুট দৈৰ্ঘ্য খহাই নিছিল । বান শুকুৱাৰ পিছত বৰ্তমানেও ভাঙি যোৱা অংশটোৰে বৈ আছে পানী । দুবছৰ পূৰ্বে ২০২০ চনতো উক্ত স্থানতেই পথটোৰ বৃহৎ অংশ এটা বানে এবাৰ খহাই নিছিল । সেই সময়ত স্থানীয় ৰাইজে গাঁঠিৰ ধন ভাঙি যাতায়তৰ বাবে এখন বাঁহৰ সাঁকো সাজি উলিয়াইছিল(Rangia bridge was washed away by the floods) ।
কিন্তু এইবাৰৰ বানে পুনৰবাৰে উক্ত স্থানতে ৰাইজে বনোৱা সাঁকোসহ গড়কাপ্তানী পথটোৰ পূৰ্বতকৈও বৃহৎ অংশ এটা উটুৱাই নিয়াৰ ফলত পথটোৰে বৰ্তমান যাতায়ত সম্পূৰ্ণ বন্ধ হৈ পৰিছে । পথটোৰ ভগ্ন অংশটোৰ কিছু ঠাইত পাঁচৰ পৰা ছয় ফুট পৰ্যন্ত পানীত ডুব গৈ থকাৰ ফলত এতিয়া পথৰ পৰিৱৰ্তে নদী সদৃশ পৰিবেশে বিৰাজ কৰিছে । যাৰফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলটোৰ স্থানীয় ৰাইজ(Bridge not repaired in Rangia) ।