অসম

assam

ETV Bharat / state

ব্যক্তিগত খণ্ডৰ শ্ৰমিকৰ বাবে লক ডাউন ‘অভিশাপস্বৰূপ’! - দক্ষিণ কামৰূপ

শেহতীয়া লক ডাউনে ব্যক্তিগত কোম্পানীসমূহৰ শ্ৰমিকক কেনেদৰে প্ৰভাৱিত কৰিছে? এই শ্ৰমিক-কৰ্মচাৰীসকলৰ বাবে অভিশাপ হৈ পৰিছে নেকি লক ডাউন? ই টিভি ভাৰতে যুগুত কৰা এক প্ৰতিবেদন...

ব্যক্তিগত খণ্ডৰ শ্ৰমিকৰ বাবে লক ডাউন ‘অভিশাপস্বৰূপ’!
ব্যক্তিগত খণ্ডৰ শ্ৰমিকৰ বাবে লক ডাউন ‘অভিশাপস্বৰূপ’!

By

Published : Jul 13, 2020, 9:58 PM IST

Updated : Jul 14, 2020, 8:54 AM IST

দক্ষিণ কামৰূপ, 13 জুলাই : যোৱা ২৪ মাৰ্চৰ পৰা সমগ্ৰ দেশজুৰি আৰম্ভ হোৱা লক ডাউনৰ ফলত স্তব্ধ হৈ পৰে স্বাভাৱিক জীৱন। চৰকাৰী কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি ব্যক্তিগত খণ্ডৰ কোম্পানীসমূহো বন্ধ হৈ পৰিল । ব্যক্তিগত কোম্পানীসমূহ বন্ধ হৈ পৰাৰ লগে লগে কোম্পানীৰ শ্ৰমিকসকলৰ জীৱনলৈ সংকট নামি আহিছে ৷

ব্যক্তিগত খণ্ডৰ শ্ৰমিকৰ বাবে লক ডাউন ‘অভিশাপস্বৰূপ’!

গুৱাহাটী মহানগৰীৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত নিতৌ কাম কৰি পৰিয়াল পোহ-পাল দিয়া শ্ৰমিকসকলৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি । ব্যক্তিগত কোম্পানীসমূহৰ কাম-কাজ বন্ধ হৈ পৰাত দৈনিক শ্ৰম কৰি খোৱা লোকসকলক কোম্পানীসমূহে দিব পৰা নাই দৰমহা । যাৰ ফলস্বৰূপে লক ডাউনত অতি শোচনীয় অৱস্থাৰ সন্মুখীন হয় শ্ৰমিকসকল । ইয়াৰোপৰি শ্ৰমিকসকলৰ সাঁচতীয়া ধনো লক ডাউনৰ সময়ছোৱাত শেষ হোৱাত দিশহাৰা হৈ পৰে শ্ৰমিকসকল ।

এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যদিও চৰকাৰে লক ডাউনত কিছু শিথিলতা আনি ব্যক্তিগত কোম্পানীসমূহো খোলাৰ অনুমতি দিয়ে ৷ কিন্তু কোম্পানী বিশেষে মাহৰ আধা দিনহে এজন শ্ৰমিকৰ দ্বাৰা কাম কৰোৱাত তেওঁলোকৰ দৰমহাও আধা হৈ পৰে । ইফালে লক ডাউনৰ ফলত প্ৰভাৱাম্বিত হোৱা লোকসকললৈ চৰকাৰে অভিলাষী আঁচনি ঘোষণা কৰিছিল যদিও, সেই আঁচনিয়ে ঢুকি নাপালে এইসকল দুৰ্ভগীয়া শ্ৰমিকক ৷ যোৱা 28 জুনৰ পৰা গুৱাহাটী মহানগৰীত পুনৰ লক ডাউন ঘোষণা কৰাৰ ফলত মহানগৰীৰ এলেকাধীন কোম্পানীসমূহো পুনৰ বন্ধ হৈ পৰে যাৰ বাবে দুৰ্ভোগ ভুগিছে এই শ্ৰমিকসকলে ৷

শেহতীয়া লক ডাউনে জুৰুলা কৰা এই শ্ৰমিকসকলৰ ওপৰত শাসনাধিষ্ঠ চৰকাৰৰ চকু পৰিবনে ? আনহাতে কাম নকৰা চৰকাৰী কৰ্মচাৰীসকলক লক ডাউনতো দৰমহা দি থকা চৰকাৰে কম টকাতে পৰিয়াল পোহপাল দি থকা এইসকল কৰ্মচাৰীৰ প্ৰতি কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে নাই তাক লৈ এতিয়া শংকাত ভুগিছে ব্য়ক্তিগত খণ্ডৰ শ্ৰমিকসকল ৷

লগতে পঢ়ক : দলীয় সংঘাত নে কি ? শিলাদিত্য দেৱৰ পদত্যাগ প্ৰসংগ

Last Updated : Jul 14, 2020, 8:54 AM IST

ABOUT THE AUTHOR

...view details