অসম

assam

ETV Bharat / state

কৰ’ণাই আৰ্থিক অনাটনৰ মাজলৈ ঠেলিছে মজলীয়া খণ্ডৰ ব্যৱসায়ীক - মজলীয়া খণ্ডৰ ব্যৱসায়ী

বিগত বৰ্ষত লকডাউনে দিশহাৰা কৰা একাংশ ব্যৱসায়ীয়ে নতুনকৈ ব্যৱসায় আৰম্ভ কৰিছিল, যদিও পুনৰ দ্বিতীয়বাৰ কৰ'ণা ভাইৰাছৰ দ্ৰুত সংক্ৰমণ আৰু মৃত্যুৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত নতুন নীতি-নিৰ্দেশনা ঘোষণাৰ লগতে আংশিক লকডাউনৰ ফলত ব্যৱসায়ৰ ক্ষেত্ৰখনত পুনৰ এবাৰ মুখ ঠেকেছা খাব লগীয়া হৈছে এই ব্যৱসায়ীসকলে ৷

কৰ’ণাই আৰ্থিক অনাটনৰ মাজলৈ ঠেলিছে মজলীয়া খণ্ডৰ ব্যৱসায়ীক
কৰ’ণাই আৰ্থিক অনাটনৰ মাজলৈ ঠেলিছে মজলীয়া খণ্ডৰ ব্যৱসায়ীক

By

Published : May 20, 2021, 8:46 PM IST

ৰঙিয়া,20মে’: কৰ'ণাৰ দ্বিতীয়টো লহৰত সমগ্ৰ দেশৰ লগতে অসমতো প্ৰভাৱিত হৈছে জনজীৱন । সমান্তৰালভাৱে যথেষ্ট লোকচানৰ সন্মুখীন হৈছে ব্যৱসায়ী সকল। ক’ভিডৰ এই পৰিস্থিতিয়ে অতিকৈ জুৰুলা কৰিছে ৰাজ্যৰ মজলীয়া তথা ক্ষুদ্ৰ ব্যৱসায়ী সকলক । বিগত বৰ্ষত লকডাউনে দিশহাৰা কৰা একাংশ ব্যৱসায়ীয়ে নতুনকৈ ব্যৱসায় আৰম্ভ কৰিছিল, যদিও পুনৰ দ্বিতীয়বাৰ কৰ'ণা ভাইৰাছৰ দ্ৰুত সংক্ৰমণ আৰু মৃত্যুৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত নতুন নীতি-নিৰ্দেশনা ঘোষণাৰ লগতে আংশিক লকডাউনৰ ফলত ব্যৱসায়ৰ ক্ষেত্ৰখনত পুনৰ এবাৰ মুখ ঠেকেছা খাব লগীয়া হৈছে এই ব্যৱসায়ীসকলে ৷

প্ৰিণ্টিং প্ৰেছৰ স্বত্ত্বাধিকাৰী সকলৰ ব‍্যৱসায়ত লোকচান হৈছে

এইক্ষেত্ৰত প্ৰিণ্টিং প্ৰেছৰ স্বত্বাধিকাৰী সকলেও ব্যৱসায়ত লোকচানৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে । সাধাৰণতে বহাগৰ মাহটোত প্ৰিণ্টিং প্ৰেছ সমূহৰ কাম কৰাৰ সঠিক সময় যদিও যোৱা বহাগৰ দৰে এইবাৰো কাম কৰিবলৈ সক্ষম নহ’ল প্ৰিণ্টিং প্ৰেছৰ এই সকল স্বত্বাধিকাৰী ৷ কৰ'ণাৰ আতংকই দ্বিতীয় বাৰৰ বাবে অসমক জোকাৰি যোৱাত বিবাহ বা বিহুৰ সাংস্কৃতিক অনুস্থান সমূহ বাতিল কৰিব লগা হৈছিল । যাৰ ফলত এইসকল ব্যৱসায়ীয়ে পুনৰ লোকচানৰ মুখ দেখিব লগীয়া হয় । বৰ্তমান ৰাজ্যত পুৱা পাঁচ বজাৰ পৰা দিনৰ এঘাৰ বজালৈ দোকান-পোহাৰ খোলা ৰাখিব দিয়া হৈছে যদিও সেয়া পৰ্যাপ্ত নহয় প্ৰেছৰ ব্যৱসায়ী সকলৰ বাবে ।

যোৱাটো লকডাউনত হোৱা লোকচানৰ পৰা মুক্ত হৈ মূৰ ডাঙিব খোজোতেই পুনৰ লকডাউন সদৃশ পৰিবেশে মহা বিপদ চপাই আনিছে এইসকল মধ্যমীয়া খণ্ডৰ ব্যৱসায়ীৰ বাবে । কৰ্মচাৰীক দৰমহা দিয়াৰ লগতে বিদ্যুতৰ মাচুল পৰ্যন্ত পৰিশোধ কৰিবলৈ অপৰাগ এতিয়া এইসকল ব্যৱসায়ী । পূৰ্বতে প্ৰিণ্টিং প্ৰেচৰ ব্যৱসায়ী সকলে এই ব্যৱসায়ৰ জৰিয়তে য'ত নিজৰ পৰিয়াল পোহ-পাল দিয়াৰ লগতে কৰ্মচাৰী সকলকো দৰমহা দিব পাৰিছিল, তেনে স্থলত এইসকল ব্যৱসায়ীয়ে এতিয়া ঘৰৰ ভাড়াটো যোগাৰ কৰিবলৈকো কৰিব লগা হৈছে চিন্তা ।

লগতে পঢ়কঃ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত নিশা ছাডেন ভিজিট উপায়ুক্ত

ABOUT THE AUTHOR

...view details