ৰঙিয়া, 29 ছেপ্টেম্বৰঃ বৰ্তমান প্ৰায় প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আকাংলঙ্ঘী হৈ থকাৰ মাজতেই হঠাতে বাঢ়িছে কণীৰ মূল্যও। এমাহৰ ভিতৰতে কণীৰ মূল্য বৃদ্ধি হৈছে ৫০ শতাংশতকৈও অধিক। এমাহ পূৰ্বে য'ত ত্ৰিশটা কণীৰ এখন প্লেটৰ পাইকাৰী মূল্য এশৰ পৰা এশ দহ টকা আছিল, তেনেস্থলত বৰ্তমান কণীৰ প্ৰতি প্লেটৰ পাইকাৰী মূল্য প্ৰায় 175 টকা পৰ্যন্ত চুইছেগৈ ।
কণীৰ বজাৰত জুইঃ এটা মাহত মূল্যবৃদ্ধি হ’ল পঞ্চাশ শতাংশ - কণীৰ মূল্যবৃদ্ধি
এমাহ পূৰ্বে য'ত ত্ৰিশটা কণীৰ এখন প্লেটৰ পাইকাৰী মূল্য এশৰ পৰা 110 টকা আছিল, তেনেস্থলত বৰ্তমান কণীৰ প্ৰতি প্লেটৰ পাইকাৰী মূল্য হৈছেগৈ প্ৰায় 175 টকা পৰ্যন্ত ।
![কণীৰ বজাৰত জুইঃ এটা মাহত মূল্যবৃদ্ধি হ’ল পঞ্চাশ শতাংশ egg market](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8978923-271-8978923-1601374745121.jpg)
কণীৰ বজাৰত জুইঃ এটা মাহত মূল্যবৃদ্ধি হ’ল পঞ্চাশ শতাংশ
কণীৰ বজাৰত জুই
লগতে পঢ়কঃনিৰ্বাচন অনুষ্ঠিত কৰাৰ লৈ চিৰাঙত যুৱ বিপিএফ আৰু বিএচইউৰ প্ৰতিবাদ
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ৰঙিয়ালৈকো বেছিভাগ কণী অন্ধ্ৰপ্ৰদেশ,হৰিয়ানা আদি ৰাজ্যৰ পৰা ৰপ্তানী হয়। চালানী কণীৰ বিপৰীতে থলুৱা কণীৰ উৎপাদন বৃদ্ধি পালে নিশ্চয় কণীৰ মূল্য হ্ৰাস পাব বুলি আশা কৰিছে অঞ্চলটোৰ সচেতন মহলে। কণীৰ মূল্য দিনক দিনে বৃদ্ধি হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি আশংকা কৰা হৈছে যে অনাগত দিনত হয়তো আৰু অধিক বৃদ্ধি পাব কণীৰ মূল্য। এনে ক্ষেত্ৰত যোগান মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি গ্ৰাহকে জনাইছে আহ্বান ৷