গুৱাহাটী, 8 মাৰ্চঃ ৰাইজৰ দলে সোমবাৰে প্ৰকাশ কৰিলে 9 জনীয়া তৃতীয়খন প্ৰাৰ্থীৰ তালিকা । ৰাইজৰ দলৰ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই তৃতীয়খন তালিকাৰ প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰে ।
ঘোষণা কৰা তালিকা অনুসৰি, পূৱ গুৱাহাটীত দিৱস ফুকন, বৰক্ষেত্ৰীত ৰাছেল হুছেইন, ভৱানীপুৰত কমল কুমাৰ মেধি, জনিয়াত আশ্ৰাফুল ইছলাম, পূৱ গোৱালপাৰাত আমিনুল হক, ছাপাগুৰিত সুজন দাস, লাহোৱালত দিব্যজ্যোতি দত্ত, দেৰগাঁৱত প্ৰবীন দাস আৰু কলাইগাঁৱত পংকজ অসমীয়াক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে ।
পূৰ্বতে ৰাইজৰ দলে 19 টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হৈছিল । দলটোৱে বৰ্তমানলৈ 28 টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে । ইফালে সংবাদমেলত কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই প্ৰথমখন প্ৰাৰ্থী তালিকাৰ চাবুৱা সমষ্টিৰ শুধৰণিৰ কথা উল্লেখ কৰিছে । সেই অনুসৰি চাবুৱা সমষ্টিত দ্বীপনজ্যোতি ফুকনৰ পৰিৱৰ্তে প্ৰাক্তন মন্ত্ৰী ভবেন বৰুৱাক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে । উল্লেখ্য যে, অসম জাতীয় পৰিষদৰ লগত মিত্ৰতা কৰাৰ পাছতো কেইবাটাও সমষ্টিত দুয়োটা দলেই প্ৰাৰ্থীত্ব আগবঢ়াইছে । যাক লৈ ৰাইজৰ দলৰ মাজত কিছু অসন্তুষ্টিয়েও দেখিবলৈ পোৱা গৈছে ।
লগতে পঢ়কঃআমগুৰি সমষ্টিত টিকটৰ পৰা বঞ্চিত হৈ কি ক'লে অপৰাজিতা ভূঞাই ?