অসম

assam

ETV Bharat / state

ৰঙিয়াত ভুৱনেশ্বৰ কলিতাৰ সংবাদমেল

ৰঙিয়াত ক্ৰীড়া সন্থাৰ সভাপতি ভুৱনেশ্বৰ কলিতাৰ সংবাদমেল ৷ বিভিন্ন বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য সংবাদমেলত ৷

Press Meet At Rangia
ৰঙিয়াত ভুৱনেশ্বৰ কলিতাৰ সংবাদমেল

By

Published : Oct 4, 2020, 10:23 PM IST

ৰঙিয়া, 4 অক্টোবৰ :ৰঙিয়াত জিলা ক্ৰীড়া সন্থাৰ বিৰুদ্ধে দেওবাৰে ৰঙিয়াত ক্ৰীড়া প্ৰেমী ৰাইজ আৰু বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিচত ৰঙিয়া প্ৰেছ ক্লাৱত এক সংবাদমেল ক্ৰীড়া সন্থাটোৰ সভাপতি ভুৱনেশ্বৰ কলিতাৰ । সংবাদমেলত জানিবলৈ দিয়ে যে, দেওবাৰে ক্ৰীড়া সন্থাটোৰ সাধাৰণ সভা সাময়িকভাৱে স্থগিত ৰখা হৈছে ।

ৰঙিয়াত ভুৱনেশ্বৰ কলিতাৰ সংবাদমেল

আনহাতে, নতুন ক্লাৱ সমূহক স্বীকৃতি দিয়াৰ ব‍্যৱস্থা কৰা হ'ব । লগতে, সন্থাটোৰ সংবিধানৰো সংশোধন কৰা হ'ব বুলি মন্তব্য প্ৰদান কৰে ৷ লগতে, ক্ৰীড়া সন্থাৰ নতুন সমিতি গঠনৰ ক্ষেত্ৰত অতিকমেও 40 শতাংশ নতুন লোকক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি কথা দিয়ে । কিন্তু সাংবাদিকে ক্ৰীড়া সন্থাটোৰ বিতৰ্কিত সম্পাদক দিলীপ চৌধুৰীৰ দুৰ্নীতি আৰু অনিয়ম সন্দৰ্ভত প্ৰশ্ন কৰাত গা এৰা মন্তব্য কৰি কৌশলেৰে বিষয়টো এৰাই চলে ।

আনহাতে, যোৱা কেই বছৰত ৰঙিয়াৰ ক্ৰীড়া জগত খনৰ লগতে সন্থাটোৰ যি ধৰণে উন্নতি হব লাগিছিল তেনে ধৰণে হোৱা নাই বুলিও মন্তব্য প্ৰদান কৰে ৷

লগতে পঢ়ক :মাৰ্ঘেৰিটাত জুৱাৰী আটক

ABOUT THE AUTHOR

...view details