গুৱাহাটী,21 আগষ্ট:কেন্দ্ৰীয় মন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হৈ প্ৰথমবাৰৰ বাবে গুৱাহাটীত উপস্থিত হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে এখন সংবাদমেল সম্বোধন কৰে ৷ গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত দলৰ ৰাজ্যিক কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ দিনত দেশবাসীয়ে চকুত লগা পৰিবৰ্তন দেখিবলৈ সক্ষম হৈছে ৷ শাসন ব্যৱস্থাত মূল্যবোধ প্ৰতিষ্ঠা হৈছে ৷
লগতে সোণোৱালে কয় যে,কংগ্ৰেছৰ দীঘলীয়া শাসনকালত মূল্যবোধৰ শাসন ব্যৱস্থা নথকাৰ বাবেই দেশ বহু পিছ পৰি ৰ'ল ৷ কংগ্ৰেছৰ অপশাসন,দুৰ্নীতি আৰু মাহী আইৰ দৃষ্টিৰে চোৱা নীতিৰ বাবেই অসমসহ উত্তৰ-পূৰ্বাঞ্চল পিছ পৰি থাকিল ৷ কিন্তু মোদী চৰকাৰৰ দিনত এতিয়া সমগ্ৰ দেশে উন্নয়ণৰ পথত অগ্ৰসৰ হৈছে ৷ সকলো ক্ষেত্ৰতে উন্নয়ণ হৈছে আৰু ৰাইজে ইয়াৰ সোৱাদ পাইছে ৷ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলক গুৰুত্ব দিয়াৰ লগতে নতুন দৃষ্টিভংগীৰে আৱিষ্কাৰ কৰিছে ৷
উক্ত সংবাদমেলতে সোণোৱালে 100 দিন সম্পূৰ্ণ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক ভূয়সী প্ৰশংসা কৰে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত অসম উন্নতিৰ দিশত অগ্ৰসৰ বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷