অসম

assam

By

Published : Apr 23, 2019, 1:11 PM IST

ETV Bharat / state

আমিনগাঁৱত ভোট গ্ৰহণ চলি থকাৰ মাজতে ঢলি পৰিল প্ৰিজাইডিং বিষয়া

প্ৰিজাইডিং বিষয়াজন অসুস্থ হোৱাৰ বাবে প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ পৰিয়ালৰ লোকৰ ৷ মধুমেহ ৰোগত আক্ৰান্ত কৰ্মচাৰী গৰাকীক নিৰ্বাচনৰ দায়িত্বত নিয়োজিত কৰাত ক্ষোভ ব্যক্ত কৰে পৰিয়ালৰ লোকে ৷

আমিনগাঁৱত ভোট গ্ৰহণ চলি থকাৰ মাজতে ঢলি পৰিল প্ৰিজাইডিং বিষয়া

গুৱাহাটী , 23 এপ্ৰিলঃআমিনগাঁৱৰ চিলা মহেখাইটি ভোট গ্ৰহণ কেন্দ্ৰত সংঘটিত হ'ল অঘটন ৷ ভোট গ্ৰহণ চলি থকাৰ মাজতে ঢলি পৰে এজন প্ৰিজাইডিং বিষয়া ৷

হেমেন্দ্ৰ শইকীয়া নামৰ প্ৰিজাইডিং বিষয়াজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ সম্প্ৰতি নাৰায়ণা হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে ইউনাইটেড বেংকৰ কৰ্মচাৰী গৰাকী ৷ প্ৰিজাইডিং বিষয়াজনৰ উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱাৰ সন্দেহ পৰিয়ালৰ লোকৰ ৷ ইপিনে প্ৰিজাইডিং বিষয়াজন অসুস্থ হোৱাৰ বাবে পৰিয়ালৰ লোকে প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে ৷ মধুমেহ ৰোগত আক্ৰান্ত কৰ্মচাৰী গৰাকীক নিৰ্বাচনৰ দায়িত্বত নিয়োজিত কৰাত ক্ষোভিত হয় পৰিয়ালৰ লোকসকল ৷ বৰ্তমান ভোট গ্ৰহণ কেন্দ্ৰটোত নতুন প্ৰিজাইডিং বিষয়া নিয়োগ কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details