ৰঙিয়া,15 ফেব্ৰুৱাৰীঃ বেদখলকাৰীৰ কবলত ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড় ৷ ইতিহাসৰ এক অবিচ্ছেদ্য অংগ আৰিমত্ত গড় ৰঙিয়াৰে নহয় সমগ্ৰ অসমৰে গৌৰৱোজ্জ্বল ঐতিহাসিক সম্পদ ৷ ৰজা আৰিমত্তই নগৰখনৰ সুৰক্ষাৰ বাবে এই গড় নিৰ্মাণ কৰিছিল । কিন্তু সম্প্ৰতি গড়টোৰ বিভিন্ন অঞ্চল বেদখলকাৰীৰ কবলত পৰিছে । গড়টোৰ সমীপত একাংশ বেদখলকাৰীয়ে বাসগৃহ নিৰ্মাণৰ লগতে গছ-গছনিসমুহ কাটি তহিলং কৰিছে ।
বেদখলকাৰীৰ কৱলত ঐতিহাসিক আৰিমত্ত গড় - বেদখল আৰিমত্ত গড়
বেদখলকাৰীৰ কৱলত ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড় ৷ ইতিহাসৰ এক অবিচ্ছেদ্য অংগ আৰিমত্ত গড় ৰঙিয়াৰে নহয় সমগ্ৰ অসমৰে গৌৰৱোজ্জ্বল ঐতিহাসিক সম্পদ ৷ ৰজা আৰিমত্তই নগৰখনৰ সুৰক্ষাৰ বাবে এই গড় নিৰ্মাণ কৰিছিল । কিন্তু সম্প্ৰতি গড়টোৰ বিভিন্ন অঞ্চল বেদখলকাৰীৰ কৱলত পৰিছে ।

বেদখলকাৰীৰ কবলত ঐতিহাসিক আৰিমত্ত গড়
ৰজা আৰিমত্তই নিৰ্মাণ কৰিছিল আৰিমত্ত গড়
আনহাতে, সচেতন লোকসকলে বেদখলকাৰীৰ কবলত থকা আৰিমত্ত গড়ৰ ভূমিখিনি বেদখলমুক্ত কৰিবলৈ প্ৰশাসনক বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পিছতো আজিলৈকে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই । ঐতিহাসিক গড়টোৰ ভূমি দখল প্ৰসংগতো প্ৰশাসনে গুৰুত্বপূৰ্ণভাৱে গ্ৰহণ নকৰাত বেদখলকাৰী আৰু প্ৰশাসনৰ মাজৰ সম্পৰ্কক লৈ স্থানীয় ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি হৈছে ৷