অসম

assam

ETV Bharat / state

নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদানৰ ব্যাপক প্ৰস্তুতি - অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত কামৰূপ জিলা আৰু ৰঙিয়া মহকুমা প্ৰশাসনৰ সহযোগত বুধবাৰে প্ৰদান কৰা হ'ব নটসূৰ্য ফণী শৰ্মা বঁটা ৷

নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদানৰ ব্যাপক প্ৰস্তুতি

By

Published : Jul 31, 2019, 4:06 AM IST

ৰঙিয়া,31 জুলাইঃ ৰঙিয়াত চলিছে নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদানৰ ব্যাপক প্ৰস্তুতি ৷ প্ৰথিতযশা নাট্যশিল্পী দুলাল ৰয় আৰু আৰতি দাস বৈৰাগীক প্ৰদান কৰা হ'ব ২০১৯ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা ৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত কামৰূপ জিলা আৰু ৰঙিয়া মহকুমা প্ৰশাসনৰ সহযোগত বুধবাৰে দিনৰ 2.30 বজাত ৰঙিয়া পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব বঁটা প্ৰদান অনুষ্ঠান ৷ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকিব সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতা ৷

নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদানৰ ব্যাপক প্ৰস্তুতি

লক্ষণীয় যে, স্ব-প্ৰতিভাৰে মহীয়ান অভিনেতা, নাট্যকাৰ, পৰিচালক তথা অসমৰ সাংস্কৃতিক জগতৰ মহীৰূহ নটসূৰ্য ফণী শৰ্মাৰ সোঁৱৰণত আগবঢ়োৱা বঁটাৰ বাবে মনোনীত দুলাল ৰয় হৈছে অসমৰ নাট্য আন্দোলনৰ জীৱন্ত কিম্বদন্তিস্বৰূপ ।

১৯৪৩ চনত গুৱাহাটীত জন্ম গ্ৰহণ কৰা দিল্লীৰ 'ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়'ৰ স্নাতক ডিগ্ৰীধাৰী দুলাল ৰয়ে 'পিগমেলিয়ন','ইন্সপেক্টৰ জেনেৰেল', 'ওৱেইটিং ফৰ্ গড', 'অন্ধ যুগ' আদিকে ধৰি বৰ্তমানলৈকে বহু নাটক পৰিচালনা কৰি খ্যাতি লাভ কৰিছে । ইতিমধ্যে, বিশিষ্ট শিল্পী জনে লাভ কৰিছে সংগীত নাটক একাডেমী বঁটা, নাট্য ভাস্কৰ আদি সন্মান ।

একেদৰে, ১৯৪৩ চনত জন্মগ্ৰহণ কৰা আৰতি দাস বৈৰাগীয়েও অসমীয়া নাট্য জগতলৈ আগবঢ়াইছে গুৰুত্বপূৰ্ণ অৱদান । ১৯৬৯ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাত যোগদান কৰা বিশিষ্ট নাট্যশিল্পী বৈৰাগীয়ে বহু নাট ৰচনা কৰাৰ উপৰিও বিভিন্ন ভাষাৰ বহু নাটক অসমীয়ালৈ অনুবাদ কৰি অসমীয়া নাট্য সাহিত্যৰ ভঁৰাল চহকী কৰিছে । ২০১৭ চনত শিল্পী গৰাকীয়ে লাভ কৰে শিল্পী প্ৰাণ মাখন দেৱান স্মাৰক বঁটা ।

ABOUT THE AUTHOR

...view details