অসম

assam

ETV Bharat / state

ৰঙিয়াত স্বাধীনতা দিৱস পালনৰ প্ৰস্তুতি প্ৰশাসনৰ - Cultural Program

ৰঙিয়াত ৭৫ তম স্বাধীনতা দিৱস (Independence Day)পালনৰ ব্যাপক প্ৰস্তুতি । স্বাধীনতা দিৱসৰ উদযাপন সন্দৰ্ভত মঙলবাৰে মহকুমাটোৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকৰ লগতে স্থানীয় বিভিন্ন দল সংগঠনৰ সৈতে অনুষ্ঠিত হয় এখন বিশেষ বৈঠক ৷

Preparations for Independence Day in Rangia  administration
ৰঙিয়াত স্বাধীনতা দিৱস পালনৰ প্ৰস্তুতি প্ৰশাসনৰ

By

Published : Aug 4, 2021, 10:12 AM IST

Updated : Aug 4, 2021, 11:58 AM IST

ৰঙিয়া, 4 আগষ্ট : সমাগত দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস (Independence Day) ৷ সমগ্ৰ দেশৰ লগতে কামৰূপ জিলা (Kamrup District)ৰ অন্তৰ্গত ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগতো উদযাপন কৰা হ'ব স্বাধীনতা দিৱস ৷ ক'ভিড-19 ৰ প্ৰতি লক্ষ্য ৰাখি ৰঙিয়াত ৭৫ তম স্বাধীনতা দিৱস অনুষ্টুপীয়াকৈ উদযাপন কৰাৰ সিদ্ধান্ত প্ৰশাসনৰ । স্বাধীনতা দিৱস উদযাপনৰ সন্দৰ্ভত মঙলবাৰে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয় ৷

মহকুমাধিপতি স্বপ্নীল পালৰ সভাপতিত্বত অনুষ্ঠিত হয় এই সভাখন । অহা ১৫ আগষ্টত পুৱা ৯ বজাত স্বাধীনতা দিৱস উপলক্ষে আনুষ্ঠানিকভাৱে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় (Rangia Higher Secondary School)ৰ খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ লগতে দিৱসটি সুচাৰুৰূপে উদযাপন কৰিবলৈ সকলো বিষয়া, কৰ্মকৰ্তা ৰাইজৰে সহায় সহযোগিতা দিহা পৰামৰ্শ কামনা কৰে ।

ৰঙিয়াত স্বাধীনতা দিৱস পালনৰ প্ৰস্তুতি প্ৰশাসনৰ

লগতে পঢ়ক - চিত্ৰ বিশেষ : দিল্লীত পিভি সিন্ধুক উষ্ম আদৰণি জনোৱাৰ বিশেষ মূহুৰ্ত...

ইয়াৰ উপৰিও বহুকেইটা চৰকাৰী বিভাগক স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ দায়িত্ব ভগাই দিয়া হয় । স্বাধীনতা দিৱসৰ ৰাতিপুৱা প্ৰভাত গীতাঞ্জলী আৰু দেশপ্ৰেম মূলক গীত পৰিবেশন, নিজ নিজ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন (National flag Hoisting), নিজ নিজ শিক্ষানুষ্ঠানৰ পৰা ছাত্ৰ-ছাত্ৰীৰ শোভাযাত্ৰা, জাতিৰ পিতা মহাত্মা গান্ধী (Mahatma Gandhi)ৰ প্ৰতিমূৰ্তিত মাল্যদানৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী (Cultural Program) আয়োজন কৰা হৈছে ।

লগতে মহকুমা প্ৰশাসনে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ দ্বাৰা মহকুমাটোত হোৱা উন্নয়নমূলক কামৰ প্ৰগতিৰ খতিয়ানো দাঙি ধৰিব ৷ এই অনুস্থানতে মহকুমাটোৰ পৰা স্বাস্থ্য, শিক্ষা, ক্ৰীড়া, কৃষি, সাংস্কৃতিক দিশত আগবঢ়োৱা অৱদানৰ বাবে নিৰ্বাচিত বিশিষ্ট ব্যক্তি সকলক সম্বৰ্ধনা জনোৱা হ'ব বুলি জানিবলৈ দিয়ে মহকুমা প্ৰশাসনে ।

উক্ত সভাখনত ৰঙিয়া মহকুমাৰ বিভিন্ন বিভাগৰ শীৰ্ষ মুৰব্বী বিষয়া, বিশিষ্ট ব্যক্তি, জ্যেষ্ঠ নাগৰিক, সেচ্ছা সেৱী সংগঠন, সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, বিভিন্ন ৰাজনৈতিক দল, সংবাদ কৰ্মী, আৰক্ষী, অৰ্ধ-সামৰিক বাহিনীৰ বিষয়া সকলো উপস্থিতি থাকে ৷

লগতে পঢ়ক - লাভলীনাৰ বিজয় কামনাৰে নেহৰু ষ্টেডিয়ামত মুখ্যমন্ত্রীৰ বন্তি প্ৰজ্বলন

Last Updated : Aug 4, 2021, 11:58 AM IST

ABOUT THE AUTHOR

...view details