মিৰ্জা, ২৮ ডিচেম্বৰ:ৰূপে-গুণে অপৰূপ অসমৰ প্ৰকৃতি। প্ৰাকৃতিৰ অনন্য আকৰ কঢ়িয়াই দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তত উজলি আছে চানডুবি । ১৮৯৮ চনৰ ১২ জুনৰ সন্ধিয়া বৰভূইকঁপৰ ফলত সৃষ্টি হৈছিল মনোৰম চানডুবি বিল আৰু এই চানডুবিৰ পাৰতেই প্ৰতিবছৰে উদযাপন হৈ আহিছে চানডুবি উৎসৱ । বিগত বছৰবোৰৰ দৰে সমাগত নতুন বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা পাঁচদিনীয়াকৈ আৰম্ভ হ'ব চতুৰ্দশ চানডুবি উৎসৱ ।
এই মনোৰম চানডুবি এতিয়া সংকটৰ গৰাহৰ । চৰকাৰী অৱহেলাৰ বিপৰীতে স্থনীয় সচেতন ৰাইজ তথা দল-সংগঠনৰ এক প্ৰচেষ্টাত চানডুবিৰ সংৰক্ষণ আৰু পৰ্যটনৰ বিকাশৰ বাবে প্ৰতি বছৰে অনুষ্ঠিত হৈছে চানডুবি উৎসৱ । এই উৎসৱত প্ৰদৰ্শন কৰা হ'ব বিভিন্ন থলুৱা কলা-কৃষ্টি, খাদ্য-সম্ভাৰ, সাজ-পাৰ । লগতে নৌকা বিহাৰ, হস্তী আৰোহণ, টঙীঘৰ আৰোহণকে আদি কৰি বিভিন্ন জনজাতীয় লোক-পৰম্পৰা উজলি উঠিব চানডুবি উৎসৱৰ বাকৰি ।