ৰঙিয়া, ২৯অক্টোবৰ :শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশনৰ লাইখুঁটা স্থাপন অনুষ্ঠান আৰু মুকলি সভাৰ দিন ধাৰ্য কৰা হৈছে । এই কথা এক সংবাদমেল যোগে সদৰী কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই । সংঘৰ পদাধিকাৰগৰাকীয়ে সদৰী কৰা অনুসৰি অহা ১৯ নৱেম্বৰত ৰঙিয়াৰ মৰানজানাৰ ভয়ৰাৰ হাতীখলা পথাৰত লাইখুঁটা স্থাপন অনুষ্ঠানৰ লগতে মুকলি সভাৰো আয়োজন কৰা হৈছে ।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই উল্লেখ কৰা অনুসৰি লাইখুঁটা স্থাপনৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব । সেইদিনা পুৱা পৰিৱেশ নিকাকৰণ আৰু জিলা নামঘৰত প্ৰাতঃ প্ৰসংগ সম্পন্ন হোৱাৰ পাছত পুৱা ১০ বজাত লাইখুঁটা স্থাপন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই । ইয়াৰ পাছত অনুষ্ঠিত হ'বলগীয়া মুকলি সভা উদ্বোধন কৰিব সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই ।
উক্ত মুকলি সভাত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰাক্তন পদাধিকাৰ ৰজনীকান্ত দত্ত, কমলা কান্ত গগৈ, মন্ত্রী জয়ন্তমল্ল বৰুৱা, বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্রমোদ বড়ো, উপ পদাধিকাৰ চক্ৰধৰ সোণোৱাল, সাংসদ ভুৱনেশ্বৰ কলিতা, দিলীপ শইকীয়া, পল্লৱলোচন দাস, কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীসহ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একাধিক শীর্ষ বিষয়ববীয়া উপস্থিত থাকিব ।