ৰঙিয়া, ২৪ ছেপ্টেম্বৰ:শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশনৰ প্ৰস্তুতি সম্পৰ্কে বুজ ল'বলৈ দেওবাৰে ৰঙিয়াত উপস্থিত হ'ল কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱা । মন্ত্ৰীগৰাকীয়ে ৰঙিয়া জিলাৰ নামঘৰত আদৰণি সমিতি আৰু বিভিন্ন বিভাগৰ মুৰব্বী সকলৰ সৈতে আগন্তুক ৰঙিয়া অধিৱেশনৰ কাম কাজৰ অগ্ৰগতি সম্পৰ্কে আলোচনাত মিলিত হয় ।
লগতে পঢ়ক:575th Birth anniversary of Sankardev: বেলতলাত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আৰ্বিভাৱ মহোৎসৱ উদযাপন
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনখনি সৰ্বাংগসুন্দৰ কৰি তোলাৰ লগতে সকলো দিশ চোৱা চিতা কৰিবলৈ অসম চৰকাৰৰ তৰফৰ পৰা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক দায়িত্ব অৰ্পণ কৰা হৈছে । সেয়েহে মন্ত্ৰীগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশনত অসমৰ প্ৰতিটো কোনৰ পৰা ৰঙিয়াত উপস্থিত হ'বলগীয়া ভক্ত সকলক কেনেদৰে আপ্যায়ন কৰা হ'ব এই বিষয়ে সবিস্তাৰে আলোচনা কৰে । বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পূৰ্বৰ অধিৱেশন সমূহৰ দৰে এই বেলিও অসম চৰকাৰৰ বিভিন্ন বিভাগে অধিৱেশনখন চলাই নিবলৈ নিজৰ নিজৰ দায়িত্ব পালন কৰিব ।