অসম

assam

ETV Bharat / state

অমিত শ্বাহৰ বিৰুদ্ধে আদালত অৱমাননাৰ অভিযোগ ! - প্ৰফুল্ল কুমাৰ মহন্ত

উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পাচতো এন আৰ চিৰ কাম স্থগিত ৰখা হৈছে বুলি পশ্চিম বংগৰ নিৰ্বাচনী সভাত মন্তব্য আগবঢ়াই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাচতহে পুনৰ এন আৰ চিৰ কাম আৰম্ভ হ'ব বুলি মন্তব্য অমিত শ্বাহৰ  ৷

প্ৰফুল্ল মহন্তৰ সংবাদমেল

By

Published : Apr 26, 2019, 9:05 PM IST

গুৱাহাটী ,26 এপ্ৰিল : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিষয়ক লৈ কৰা অমিত শ্বাহৰ মন্তব্যৰ বিৰুদ্ধে সৰৱ অসম আন্দোলন সংগ্ৰামী মঞ্চ ৷ অমিত শ্বাহৰ বিৰুদ্ধে আদালত অৱমাননাৰ অভিযোগ সংগঠনটোৰ ৷ গুৱাহাটীৰ উলুবাৰীত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল ৷

লগতে পঢ়ক : বাৰাণসীত মোডীৰ মনোনয়ন দাখিল

সংবাদমেলখনত অসম আন্দোলন সংগ্ৰামী মঞ্চৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি উচ্চতম ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰি অমিত শ্বাহে নিৰ্বাচনী সভাত এন আৰ চিৰ প্ৰক্ৰিয়া স্থগিত ৰখা হৈছে বুলি মন্তব্য আগবঢ়াইছিল ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লেহে পুনৰ এন আৰ চিৰ কাম আৰম্ভ হ'ব বুলি পশ্চিম বংগৰ নিৰ্বাচনী সভাত অমিত শ্বাহে মন্তব্য কৰা বুলি প্ৰকাশ কৰে অসম আন্দোলন সংগ্ৰামী মঞ্চই ৷ উচ্চতম ন্যায়ালয়ে ৰায়দান আগবঢ়োৱাৰ পাচতো এনেধৰণৰ মন্তব্য আগবঢ়োৱাৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ তৰিব বুলি মন্তব্য কৰেপ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ৷

ABOUT THE AUTHOR

...view details