বকো, 26 ফেব্ৰুৱাৰী :বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম...মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিটো ভাষণত স্থান লাভ কৰা এটা বিশেষ সংলাপ ৷ এই সংলাপৰ তত্ব অন্যধৰণে ফাদিল কৰিলে কংগ্ৰেছৰ কেম্পেইনিং কমিটীৰ সভাপতি তথা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামক একতাৰ ডোলেৰে নহয় ছিণ্ডিকেটৰ ডোলেৰেহে বান্ধিলে সোণোৱাল চৰকাৰে ৷
বৃহস্পতিবাৰে ছয়গাঁৱৰ বনগাঁও শান্তি-নিজৰা সমূহীয়া প্ৰেক্ষাগৃহত ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ তৎপৰতাত অনুষ্ঠিত হয় বুথ সংকল্প শিবিৰ শীৰ্ষক দলীয় সভা ৷ সভাত উপস্থিত থাকি কংগ্ৰেছৰ কেম্পেইনিং কমিটীৰ সভাপতি তথা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ৷ আনকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিটো ভাষণত সততে শুনিবলৈ পোৱা বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ একতাৰ ডোলেৰে বন্ধা সংলাপক অন্যধৰণে বাখ্যা কৰে তেওঁ ৷ প্ৰদ্যুৎ বৰদলৈৰ মতে, একতাৰ ডোলেৰে নহয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম ছিণ্ডিকেটৰ ডোলেৰে বান্ধিলে ৷