দক্ষিণ কামৰূপ, ২৯ নৱেম্বৰ: ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ লগত হেতালি খেলি নতুন দিল্লীত লুকাই থকা প্ৰদীপ কুমাৰক দেওবাৰে গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । JEE কেলেংকাৰী সৈতে নাম সাঙোৰ খোৱাৰ পিছতে অসমৰ পৰা পলায়ন কৰিছিল । ভুৱা পৰীক্ষাৰ্থী যোগান চক্ৰৰ অন্যতম আছিল প্ৰদীপ কুমাৰ । পৰীক্ষাৰ্থী যোগান ধৰাই নহয়, নীল নক্ষত্ৰ দাস নামৰ পৰীক্ষাৰ্থীগৰাকীৰ হৈ প্ৰদীপ কুমাৰ পৰীক্ষাত অৱতীৰ্ণও হৈছিল । JEE কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ বাবে নতুন দিল্লীত আত্মগোপন কৰি আছিল ।
এই বিষয়ে খবৰ পোৱাৰ পিছতে গুৱাহাটী আৰক্ষীৰ এটা দল নতুন দিল্লীলৈ ৰাওনা হৈছিল । কেইবাদিনো ধৰি নতুন দিল্লীতে বাহৰ পাতি আছিল আৰক্ষীৰ দলটোৱে । অৱশেষত দেওবাৰে আৰক্ষীৰ জালত পৰে প্ৰদীপ কুমাৰ । এ ডি চি পি সুপ্ৰতিভ লাল বৰুৱাৰ নেতৃত্বত দিল্লীত অভিযান চলাইছিল আৰক্ষীয়ে । গ্ৰেপ্তাৰ কৰাৰ পিছতো বৰ্তমানেও দিল্লীতে ৰখা হৈছে প্ৰদীপ কুমাৰক । শীঘ্ৰেই অসমলৈ লৈ অনা হ'ব বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিছে ।