ৰঙিয়া, ১৭ছেপ্টেম্বৰ:ৰাজ্যৰ বিদ্যুৎ বিভাগৰ কিছুমান কাণ্ডজ্ঞানহীন কাৰ্যকলাপে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । তেনে এক অস্বাভাৱিক কাণ্ড শেহতীয়াকৈ সংঘটিত হৈছে ৰঙিয়াত । ৰঙিয়া বিদ্যুৎ সংমণ্ডলৰ চিৰাখুন্দিৰ গাঁৱত এনে এক কাণ্ড সংঘটিত হৈছে(Power department sent unusual bill in Rangia)। এখন অস্বাভাৱিক বিদ্যুৎ বিলৰ ধনৰ পৰিমাণ দেখি সৰগ ভাগি পৰিছে গাওঁখনৰ এটি পৰিয়ালৰ ।
এটা পৰিয়াললৈ এমাহতে প্ৰেৰণ কৰিলে এক লাখ টকাৰ বিল স্মাৰ্ট মিটাৰক লৈ সমগ্ৰ ৰাজ্যতে বিতৰ্কৰ(Controversy over smart meters in Assam) সৃষ্টি হোৱাৰ সময়তে ৰঙিয়াত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড (Strange Electricity bill to customer in Chirakhundi)। এটা পৰিয়াললৈ ১ লাখ ১ হাজাৰ টকাৰ বিল প্ৰেৰণ কৰাৰ পিছতেই উপভোক্তা ৰাইজৰ মাজক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই লৈ দুচিন্তাত পৰিছে পৰিয়ালটোৰ সদস্য়সকল । ভুক্তভোগী পৰিয়ালটো হৈছে ৰঙিয়াৰ চিৰাখুন্দিৰ বাসিন্দা আব্দুল গণি ।
উল্লেখ্য় যে এই পৰিয়ালটোলৈ পূৰ্বতে ৮০০ টকাৰ পৰা ১২০০ টকাৰ ভিতৰত বিল আহিছিল । এইবাৰ স্মাৰ্ট মিটাৰ স্থাপন কৰাৰ পিছতে আশ্চৰ্যজনকভাৱে বিদ্যুৎ বিভাগে এই পৰিয়ালটোলৈ ১ লাখ ১ হাজাৰ ১২১ টকাৰ বিল প্ৰেৰণ কৰে । অনাকাংক্ষিতভাৱে হঠাৎ এনে আজৱ বিল লাভ কৰি পৰিয়ালটো হতভম্ব হৈ পৰে । কেৱল এই পৰিয়ালটোৱেই নহয়,গাঁওখনৰ বহু পৰিয়ালে পূৰ্বৰ তুলনাত ২-৩ গুণ পৰ্যন্ত বেছিকৈ বিল পৰিশোধ কৰিব লগীয়া হোৱাত দৰিদ্ৰ পৰিয়ালবোৰ চিন্তিত হৈ পৰিছে ।
উত্থাপিত অভিযোগ মতে, গ্ৰাহকে মাহে মাহে বিদ্যুতৰ মাচুল পৰিশোধ কৰি অহাৰ পিছতো মাহেকত বিদ্যুতৰ মাচুল আহিছে অস্বাভাৱিক ৷ ঘৰুৱা তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিদ্যুতৰ মাচুল অত্যধিক দেখি আচম্বিত হৈ পৰা গ্ৰাহকে বিদ্যুৎ বিভাগৰ সৈতে যোগাযোগ কৰিও কোনো ধৰণৰ সঁহাৰি পোৱা নাই বুলিও অভিযোগ উত্থাপন কৰিছে একাংশ গ্ৰাহকে ৷
লগতে পঢ়ক:জলবায়ু পৰিবৰ্তনৰ নেতিবাচক প্ৰভাৱ: শীৰ্ষত আছে কৰিমগঞ্জ