অসম

assam

ETV Bharat / state

ডিজিটেল ইণ্ডিয়াৰ নতুন নিয়ম :বস্তাৰে কোবাই চাফা কৰা হয় পথ

অত্যাধুনিক সামগ্ৰীৰে বিভাগীয় ঠিকাদাৰ সকলে পথ নিৰ্মাণত কিমান অত্যাধুনিক সা সামগ্ৰী ব্যৱহাৰ কৰিছে ? বস্তাৰে পথৰ ধুলি আতৰাইছে দক্ষিণ কামৰূপত ৷

বস্তাৰে কোবাই চাফা কৰা হয় পথ

By

Published : Jun 25, 2019, 3:23 PM IST

আজাৰা,25 জুন: বস্তাৰে কোবাই কোবাই পথৰ ধূলি গুচাই দক্ষিণ কামৰূপৰ পথ নির্মাণ ।দক্ষিণ কামৰূপৰ নহিৰাফুটুৰীৰ পৰা নিৰলপাৰা সংযোগী পথত বস্তাৰে কোবাই পথৰ ধূলি গুচাই এম এচ সূৰ্য্য কনস্ট্রাকচন নামৰ এটা ঠিকাদাৰ সন্থাই চলাইছে নিৰ্মাণ কাৰ্য ।

বস্তাৰে কোবাই চাফা কৰা হয় পথ

2018 বৰ্ষৰ মাৰ্চ-এপ্রিলতে কামৰূপ জিলাৰ মিৰ্জা উপ সংমণ্ডলৰ ৰাজপুখুৰী গাঁৱত আৰম্ভ কৰিছিল প্ৰায় এক কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ দুটাকৈ কাম ৷ কিন্তু নিৰ্মাণ সম্পূৰ্ণ কৰাৰ ম্যাদ উকলাৰ 100 দিন পাচতো সম্পূৰ্ণ নহ'ল পথছোৱা । ইয়াৰ পৰিৱৰ্তে চপৰা চপৰকৈ খহিছে পথৰ কাষৰ মাটি । চৰকাৰী সকলো নিৰ্দেশনাক ভৰিৰে মোহাৰি বৰাকৰ এজন মন্ত্ৰীৰ আশীষপুষ্ট এম এচ সূৰ্য্য কনস্ট্রাকচনে সম্পূৰ্ণ বে-আইনী ভাৱে নিৰ্মাণ কাৰ্য চলাই গৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

ABOUT THE AUTHOR

...view details