ৰঙিয়া, ১৩ জুন:ৰঙিয়াত মৰণফান্দলৈ পৰিৱৰ্তিত হৈছে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ । ৰঙিয়াৰ চেপ্তিত নতুনকৈ নিৰ্মাণ হৈ থকা উৰণীয়া সেঁতুৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ মাজেৰে যাতায়তত ৰাইজে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে । ৰাষ্ট্ৰীয় ঘাইপথ হোৱা বাবে এই পথটোৰে ওচৰৰ এলেকাৰ লগতে বহিঃৰাজ্যৰ গাড়ী আৰু চুবুৰীয়া দেশ ভূটানৰ গাড়ী সমূহেও যাতায়ত কৰে । কিন্তু মূল ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হৈ থকা বাবে বৰ্তমান বাহন সমূহ কাষৰ উপ পথেৰে যাতায়ত কৰি আছে ।
এই উপপথ দুটাৰ অৱস্থা তথৈবচ বাবে যাতায়তৰ ক্ষেত্ৰত স্থানীয় ৰাইজৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়ত কৰা যাত্ৰী সকলৰো যথেষ্ট অসুবিধা হৈছে। আনহাতে, ঘাইপথৰ দাঁতিত নিৰ্মাণ কৰি থকা নলা সমূহেও যাত্ৰী সকললৈ বিপদ মাতি অনাৰ সম্ভাৱনা প্ৰকট কৰিছে । নিৰ্মীয়মান অৱস্থাত থকা গভীৰ নলা সমূহ উন্মুক্ত অৱস্থাত থকা বাবে যাত্ৰী সকলৰ বাবে বিপদ সংকুল হৈ পৰিছে যাতায়ত । নিৰ্মাণ হৈ থকা নলা সমূহৰ বিভিন্ন ঠাইত লোৰ ৰড সমূহ ওলাই থকাৰ উপৰি নিৰ্মীয়মান এলেকা সমূহ মূল পথৰ পৰা পৃথক কৰি ৰাখিব লাগে যদিও প্ৰায় চৌদিশে উন্মুক্ত অৱস্থাত পৰি আছে ।