ৰঙিয়া, ১১ মাৰ্চ:কামৰূপ জিলাৰ ৰঙিয়াৰ ২ নং ধুহিৰ মজিবৰ ৰহমান নামৰ অসুস্থ লোকজনে আৰ্থিক দুৰৱস্থাৰ বাবে দুৰ্বিসহ জীৱন কটাবলগীয়া হৈছে (Appeal for help in Rangia)। তিনি মাহে বিচনাত জীৱন কটাব লগা হৈছে ৰঙিয়াৰ এইজন লোকে । তেওঁ ধনৰ অভাৱৰ বাবে উন্নত চিকিৎসাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে । উল্লেখ্য় যে তিনি মাহ পূৰ্বে কাঠ মিস্ত্ৰীৰ কাম কৰি থকা অৱস্থাত ঘৰৰ ওপৰৰ পৰা হঠাতে পৰি যোৱাত গুৰুতৰভাৱে আহত হৈ পৰিছিল মজিবৰ ৰহমান । ইয়াৰ পিছতেই ততাতৈয়াকৈ তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সুস্থ হৈ নুঠিল । চিকিৎসকে তেওঁক জটিল অস্ত্ৰোপ্ৰচাৰ কৰিব লাগিব বুলি কয় । কিন্তু ধনৰ অভাৱত তেওঁৰ অস্ত্ৰোপ্ৰচাৰ কৰিব পৰা হোৱা নাই । চৰকাৰী আয়ুস্মান কাৰ্ড থকাৰ পিছতো মজিবৰ ৰহমানে কোনো সাহায্য লাভ নকৰিলে ।
ইয়াৰ পিছতে উপযুক্ত চিকিৎসাৰ অভাৱত মজিবৰ ৰহমানৰ দেহৰ এটা অংশ অচল হৈ পৰে (Deprived from treatment)। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্যজন শয্যাসায়ী হোৱাত শোচনীয় হৈ পৰে ঘৰৰ অৱস্থা । দুখীয়া পৰিয়ালটোৱে গৰু, ছাগলী, মুৰ্গী বিক্ৰী কৰিও উপযুক্ত চিকিৎসা কৰিবলৈ সক্ষম হোৱা নাই । স্বামীৰ চিকিৎসাৰ নামত সৰ্বস্বান্ত হোৱা পৰিয়ালটো বৰ্তমান ধনৰ অভাৱত উন্নত চিকিৎসা কৰিবলৈ অপাৰাগ । ইতিমধ্যে দুখীয়া পৰিয়ালটোৱে চিকিৎসাৰ নামত সকলো বিক্ৰী কৰি সৰ্বস্বান্ত হৈছে ।