অসম

assam

By

Published : Jun 18, 2020, 8:20 PM IST

ETV Bharat / state

"আনলক 1" য়ে সকাহ দিয়া নাই মন্দিৰৰ পূজাৰী তথা সামগ্ৰী বিক্ৰেতা সকলক

"আনলক 1" আৰম্ভ হোৱাৰ লগে লগে স্বাভাৱিক জীৱন ঘুৰাই পাইছে দেশৰ জনসাধাৰণে,কিন্ত স্বাভাৱিক জীৱন ঘূৰাই পোৱা নাই বহু সংখ্যক ক্ষুদ্ৰ ব্যৱসায়ীয়ে ৷ পৰিয়ালৰ ভৰণ পোষণৰ বাবে চিন্তিত হৈ পৰিছে ফুলৰ বিক্ৰেতাসকল ৷

poor economic condition of priest and florist in rangia
অনিশ্চয়তাত মন্দিৰৰ পূজাৰী তথা ফুল ব্যৱসায়ীৰ ভৱিষ্যত

ৰঙিয়া,18 জুনঃ দেশৰ প্ৰায় সকলো জনসাধাৰণকেই অৰ্থনৈতিক ভাৱে বা বিভিন্ন ধৰণে প্ৰভাৱিত কৰিলে দেশজুৰি বলবৎ হোৱা লক ডাউনে ৷ লক ডাউনৰ পাছত "আনলক 1" আৰম্ভ হোৱাৰ লগে লগে স্বাভাৱিক জীৱন ঘুৰাই পাইছে দেশৰ জনসাধাৰণে ৷ সুস্থিৰ হৈছে বহুসংখ্যক ক্ষুদ্ৰ তথা মজলীয়া উদ্যোগী তথা ব্যৱসায়ী সকলৰ ব্যৱসায় ৷ কিন্ত বৰ্তমানেও সুস্থিৰ হোৱা নাই বহু সংখ্যক ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱন প্ৰণালী,লাভ কৰা নাই ন্যূনতম অৰ্থনৈতিক সকাহ ৷

অনিশ্চয়তাত মন্দিৰৰ পূজাৰী তথা ফুল ব্যৱসায়ীৰ ভৱিষ্যত

বিগত 8 জুনৰ পৰা দেশত "আনলক 1" আৰম্ভ হোৱাৰ লগে লগে দেশৰ ধৰ্মীয় উপাসনাস্থলী সমূহ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছে যদিও আগৰ দৰে মঠ-মন্দিৰ সমূহত দেখা পোৱা নাই দৰ্শনাৰ্থীৰ ভিৰ ৷ পূজাৰ কাম-কাজ চলাই নিবলৈ মঠ-মন্দিৰ সমূহত দৰ্শনাৰ্থীৰ অভাৱ ৷ ইতিমধ্যে,লক-ডাউনে জুৰুলা কৰি থোৱা পূজাৰী সকলৰ লগতে ফুল-ফল তথা পূজাৰ সামগ্ৰী বিক্ৰী কৰা লোকসকলে বৰ্তমানেও কোনো সকাহ লাভ কৰা নাই ৷ দৰ্শনাৰ্থীৰ অভাৱৰ বাবে দৰ্শনাৰ্থীক সম্বল কৰিয়ে চলি থকা এই সকলৰ লোকৰ পানীত হাঁহ নচৰা যেন অৱস্থা হৈছে ৷ অনুৰূপ অৱস্থা ৰঙিয়াস্থিত মন্দিৰ সমূহৰ পূজাৰী তথা মন্দিৰৰ সামগ্ৰী বিক্ৰেতা সকলৰ ৷ ইয়াৰ উপৰিও বহাগৰ বিহুৰ লগতে বিবাহ আৰু অন্যান্য অনুষ্ঠান সমুহ বন্ধ হৈ পৰাৰ বাবে ভীষণ লোকচানৰ সন্মুখীন হৈছে ফুলৰ ব্যৱসায় কৰা লোকসকল ৷ চলিত বছৰত তেঁলোকৰ ব্যৱসায়ে যে পূৰ্বৰ অৱস্থা ঘূৰাই পাব তাৰো কোনো নিশ্চয়তা নাই ৷ মহামাৰী ক’ৰণাই আতংকিত কৰি ৰখাৰ সময়তেই এই সকল লোকৰ আৰ্থিক দুৰৱস্থাই চিন্তিত কৰি তুলিছে সচেতন লোকসকলকো ৷

লগতে পঢ়কঃ বৰহোলাৰ জয়ন্ত বৰাৰ মৃত্যুক পৰিকল্পিত হত্যা আখ্যা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details