ৰঙিয়া, 6 অক্টোবৰ : কামৰূপ জিলাৰ ৰঙিয়াত গড়কাপ্তানী বিভাগলৈ বাট নাচাই ৰাইজে মেৰামতি কৰিলে পথ ৷ ৰঙিয়া চেনীমাৰা-কাউৰবাহা গড়কাপ্তানী পথটো দীৰ্ঘদিনৰ পৰাই যাতায়তৰ অনুপযোগী হৈ থকাৰ বাবে ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে পথটি ৷
ৰঙিয়াত ৰাইজৰ প্ৰচেষ্টাত মেৰামতি গড়কাপ্তানী পথ - সন্তান প্ৰসৱ
ৰঙিয়াত ৰাইজৰ প্ৰচেষ্টাত মেৰামতি কৰা হল গড়াকপ্তানী পথ ৷ তিনিমাহ পূৰ্বে বানপানীয়ে পথটি ছিঙি লৈ যোৱাৰ পিচত যাতায়তৰ অনুপযোগী হোৱাৰ বাবে ৰাইজে নিজাববীয়াকৈ মেৰামতি কৰিলে পথটি ৷
অভিযোগ অনুসৰি,বগৰীবাৰীৰ মথাউৰিছিঙি তিনিমাহ পূৰ্বে অঞ্চলটোত বানে সংহাৰী ৰূপ ধাৰণ কৰিছিল । তাৰ পিচতে চেনীমাৰা-কাউৰবাহা সংযোগী পথৰ কেইবাটাও অংশ পুঠিমাৰী নৈৰ বানে উটুৱাই নিছিল । বিশেষকৈ দলং এখনৰ দুয়োটো পাৰ বানে উটুৱাই নিয়াৰ ফলত ৰাইজৰ যথেষ্ট অসুবিধা হৈছিল । আনকি, যাতায়তৰ অসুবিধাৰ বাবেই কিছুদিন পূৰ্বে এগৰাকী প্ৰসূতিয়ে চিকিৎসালয়লৈ যোৱাৰ পথত বানপানীৰ মাজতেই সন্তান প্ৰসৱ কৰাৰ লগতে কেইবাগৰাকী ব্যক্তিৰ ইতিমধ্যে যাতায়তৰ অসুবিধাৰ বাবে মৃত্যু হৈছে বানপানীৰ মাজতেই । যাৰবাবে ভুক্তভোগী ৰাইজে নিজেই মেৰামতি কৰিলে পথটি ৷
লগতে পঢ়ক :মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে মৰিগাঁৱত সমদল