অসম

assam

By

Published : Nov 21, 2020, 9:33 PM IST

ETV Bharat / state

বকোত পথৰ দুৰৱস্থাৰ বাবে বিতুষ্ট স্থানীয় ৰাইজ

বকোৰ লামপাৰাৰ পৰা ছয়গাঁও ঔদ্যোগিক বিকাশ কেন্দ্ৰলৈ যোৱা মূল পথত আছে এটা ৰেলৱে ক্ৰছিং আৰু ৰেলৱে বিভাগৰ ভাগত পৰা সেই পথৰ অংশটো যোৱা কিছু বছৰৰ পৰা বেয়া হৈ পৰাত যথেষ্ট যান-জঁটৰ সৃষ্টি হোৱাৰ লগতে প্ৰায়ে সৰু-ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে।

poor-condition-road
বকোত পথৰ দূৰৱস্থাৰ বাবে বিতুষ্ট স্থানীয় ৰাইজ

বকো, 21 নৱেম্বৰ :বকোৰ লামপাৰাৰ পৰা ছয়গাঁও ঔদ্যোগিক বিকাশ কেন্দ্ৰলৈ যোৱা মূল পথৰ এটা অংশক লৈ স্থানীয় ৰাইজ বিতুষ্ট হৈ পৰিছে । উক্ত পথটোত অহৰহ চলে অজস্ৰ বাহন । কিন্তু এই পথটোতে আছে এটা ৰে‘লৱে ক্ৰছিং আৰু ৰে‘লৱে বিভাগৰ ভাগত পৰা সেই পথৰ অংশটো যোৱা কিছু বছৰৰ পৰা বেয়া হৈ পৰাত যথেষ্ট যান-জঁটৰ সৃষ্টি হোৱাৰ লগতে প্ৰায়ে সৰু ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে ।

বকোত পথৰ দূৰৱস্থাৰ বাবে বিতুষ্ট স্থানীয় ৰাইজ

ইয়াৰ ফলত পথচাৰী, বিদ্যালয়-কলেজত যোৱা ছাত্ৰ ছাত্ৰী প্ৰায়ে বিপাঙত পৰে । সেয়েহে ৰাইজে অতি সোনকালে পথটোৰ সেই অংশটো মেৰামতি কৰি দিয়াৰ বাবে দাবী জনাইছে ।
লগতে পঢ়ক: ডিজিটেল প্ৰক্ৰিয়াৰে অনুষ্ঠিত হ'ব কংগ্ৰেছ অধ্যক্ষৰ নিৰ্বাচন

ABOUT THE AUTHOR

...view details