ৰঙিয়া, 1 জুন:ৰঙিয়া ষ্টেচন-উদিয়ানাৰ পথৰ দুৰ্দশাই বিপদ মাতি আনিছে স্থানীয় ৰাইজৰ জীৱনলৈ ৷ উন্নয়নৰ শ্ল’গানেৰে এখনৰ পাছত আনখন চৰকাৰ সলনি হ’ল কিন্তু সলনি নহয় ৰাজ্যৰ পথৰ অৱস্থা । বছৰ বছৰ ধৰি জনপ্ৰতিনিধি তথা আমোলা-বিষয়া তথা কৰ্মচাৰীৰ বিৰুদ্ধে আঁচনি ৰূপায়ণৰ নামত উত্থাপিত হৈছে লুণ্ঠনৰাজৰ অভিযোগ ৷
এইবাৰ বিজেপি ৰাজ্যিক সভাপতি তথা বিধায়ক ভৱেশ কলিতাৰ(BJP state president Bhabesh Kalita) সমষ্টিতেই উন্মোচিত হৈছে পথৰ দুৰাৱস্থা ৷ পৰিৱৰ্তনকামী বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনতো ৰঙিয়া-উদিয়ানা সংযোগী পথচোৱা আজিকোপতি নিৰ্মাণ নহ'ল (Poor condition of road in Rangia) । যাৰ ফলত এই পথটোক লৈ তাহানিৰ পৰাই সমস্যাৰ সন্মুখীন হৈ আহিছে স্থানীয় ৰাইজ । পথচোৱা আজিকোপতি মেৰামতি বা পুনৰ নিৰ্মাণ নোহোৱাৰ ফলত ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে দুৰ্ভোগ ভূগিবলগীয়া হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷
পথ নহয় যেন ভৰ বাৰিষাৰ পথাৰ: জমৰ যাতনা ৰঙিয়া-উদিয়ানাবাসীৰ উন্নয়নৰ কথাকৈ বিজেপি চৰকাৰৰ দিনত প্ৰকৃততে কিদৰে উন্নয়ন হৈছে তাৰে প্ৰমাণ উদিয়ানাক 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰঙিয়া ৰেল জংচনৰ সৈতে সংযুক্ত কৰা এই পথটো বুলি এতিয়া সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে ৷ যাতায়ত ব্যৱস্থা সুচল কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে এই বোকাময় পথটোৰে অতি কষ্টেৰে অহা যোৱা কৰিবলগীয়া হৈছে গাঁওবাসী, ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী তথা ৰোগীয়ে ৷
স্থানীয় বিধায়কক পথ নিৰ্মাণৰ বাবে বাৰে বাৰে আবেদন কৰিও বিমুখ হৈছে ৰঙিয়া-উদিয়ানাবাসী ৷ যাৰ ফলত যাতায়াতৰ বাবে ৰাইজে গাঁঠিৰ ধন ভাঙি পথটো দীৰ্ঘকাল ধৰি মেৰামতি কৰি আহিছে । সেয়ে বিষয়টো ৰাজনৈতিক মেৰপাকত আৱদ্ধ নকৰি ৰাইজৰ সুবিধাৰ্থে শীঘ্ৰেই পথটো নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক :প্ৰতীক হাজেলাৰ বিপদ ঘনীভূতঃ চি আই ডিয়ে বিচাৰিছে তদন্তৰ অনুমতি