ৰাজপথ, পথ নে পুখুৰী!
বৰষুণ দিলে বোকা আৰু পানী, আৰু ৰ'দ দিলে ধুলিময় হোৱা ৰঙিয়াৰ এটা পথে জুৰুলা কৰিছে অঞ্চলবাসীক ৷ শোচনীয় অৱস্থাৰ বাবে প্ৰতিদিনে সৰু-বৰ দুৰ্ঘটনাও সংঘটিত হৈ আহিছে অঞ্চলটোত ৷
ৰঙিয়া , 25 চেপ্তেম্বৰঃ ৰঙিয়াৰ মাজ-মজিয়াৰ এটা পথ; পাচে পথ নে পুখুৰী, ধৰিবকে নোৱাৰি ৷ ৰঙিয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতে পথটোৰ পৰা এটা অংশ ফালৰি কাটি ৰঙিয়া আৰিমত্ত বিদ্যাপীঠৰ সন্মুখেৰে গৈ পুনৰ ষ্টেচনৰ ওচৰৰ মুল পথত লগ হৈছে পথটো ৷ বৰষুণ দিলে বোকা আৰু পানী, আৰু ৰ'দ দিলে ধুলিময় হয় এই পথটো ৷ পথটোৰে সামগ্ৰী আৰু মাটি কঢ়িওৱা গধুৰ যান বাহন নিয়মিত ভাৱে অহা যোৱা কৰে যদিও গধুৰ বাহনৰ আহ-যাহৰ বাবে পথটোৰ অৱস্থা আৰু অধিক তথৈবচ হৈ পৰিছে ৷ বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত জহি খহি গৈ দ খাৱৈত পৰিণত হৈছে পথটো যাৰ বাবে ছাত্ৰ-ছাত্ৰী, ৰোগী তথা জনসাধৰণ সকলোৱে সন্মুখীন হৈছে ব্যাপক অসুবিধাৰ ৷ স্থানীয় ৰাইজৰ অভিযোগ , পথটোৰ ক্ষেত্ৰত কুম্ভকৰ্ণ নিদ্ৰাত আছে স্থানীয় বিধায়ক তথা জলসিঞ্চন (স্বতন্ত্ৰ), ৰাজহ আৰু দুৰ্যোগ প্ৰশমন (ৰাজ্যিক) মন্ত্ৰী ভৱেশ কলিতা আৰু গড়কাপ্তানী বিভাগ । শোচনীয় অৱস্থাৰ বাবে প্ৰতিদিনে সৰু-বৰ দুৰ্ঘটনাও সংঘটিত হৈ আহিছে অঞ্চলটোত ৷