ৰঙিয়া, 20 নৱেম্বৰঃ মৰিশালিত পৰিণত ৰঙিয়াৰ এপ’ল মিল ৷ তিনিবছৰ পূৰ্বেই বন্ধ হৈ যোৱা উদ্যোগটোৰ প্ৰায় ছয় শতাধিক কৰ্মচাৰীৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা ৷ বিগত বহু দিন ধৰি দৰমহা বন্ধ হৈ থকাৰ ফলত তীব্ৰ আৰ্থিক সংকটত ভুগিবলগীয়া হৈছে শ্ৰমিক-কৰ্মচাৰীসকলে ৷ 1988 চনতেই স্থাপিত হোৱা এই বস্ত্ৰ উদ্যোগটো বন্ধ হৈ যোৱাৰ ফলত আৰ্থিক অভাৱ-অনাটনৰ বাবে কেইবাজনো কৰ্মচাৰীয়ে আত্মহত্যাৰ দৰে চৰম পথ বাছি লৈছিল । তাৰ পিছতো চৰকাৰৰ পৰা অৱহেলিত এই উদ্যোগটো ৷ উদ্যোগটোৰ শ্ৰমিক-কৰ্মচাৰীসকলে চৰকাৰক কেইবাবাৰো গোহাৰি জনোৱাৰ পিছতো আৰম্ভ নহ’ল মিলটো । চৰকাৰে প্ৰতিবাৰেই আশ্বাস-বিশ্বাস দি ওভতাই পঠাই শ্ৰমিক সকলক । কিন্তু আজিলৈকে কাৰ্যক্ষম হৈ নুঠিল মিলটো ।
ৰঙিয়াৰ এপ’ল মিলৰ দুৰৱস্থাঃ কাণসাৰ নাই চৰকাৰৰ
1988 চনতেই স্থাপিত হোৱা ৰঙিয়াৰ এপ’ল মিল তিনিবছৰ পূৰ্বেই বন্ধ হৈ যোৱাৰ ফলত শতাধিক কৰ্মচাৰীৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা ৷ বিগত দিন ধৰি দৰমহা বন্ধ হৈ থকাৰ ফলত তীব্ৰ আৰ্থিক সংকটত ভুগিবলগীয়া হৈছে শ্ৰমিক-কৰ্মচাৰীসকলে ৷
মৰিশালিত পৰিণত ৰঙিয়াৰ এপ’ল মিল
ইয়াৰ প্ৰতিবাদত এপ'ল মিলৰ কেইবাশতাধিক শ্ৰমিকে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ দিয়ে । অতি শীঘ্ৰে মিলটো পুনৰ কাৰ্যক্ষম নকৰিলে দুৰ্ভগীয়া শ্ৰমিকসকলক চৰকাৰে গুলীয়াই মৰাৰ আহ্বানৰ লগতে শ্ৰমিকসকলে ৰাজপথলৈ ওলাই আহি ৰাজহুৱাকৈ আত্মজাহৰ দৰে পথ বাছি ল’বলৈও সাজু বুলি প্ৰকাশ কৰে শ্ৰমিকসকলে ।