ৰঙিয়া, 18 আগষ্ট :যাতায়তৰ সু-ব্যৱস্থা নথকাৰ বাবে বিপদ-সংকুলভাৱে যাতায়ত কৰিছে ৰঙিয়াৰ মাদৈকাটাৰ ৰাইজে ৷ বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰিও মাদৈকাটাৰ ৰাইজে লাভ নকৰিলে এখন পকী দলং ৷ এনে পৰিপেক্ষিতত যাতায়তৰ সুবিধা হোৱাকৈ বাঁহৰ সাঁকো নিৰ্মাণ কৰি লৈছে ৰঙিয়াৰ মাদৈকাটাৰ ৰাইজে ৷
ৰাইজে নিৰ্মাণ কৰা এই বাঁহৰ সাঁকোডাল আছে ৰঙিয়াৰ মাদৈকাটা গাঁৱৰ সমীপৰ এটা দ-খাৱৈৰ ওপৰত ৷ অৰ্থাৎ ৰঙিয়াৰ মাদৈকাটা গাঁও আৰু নিগনিৰ দল চুবুৰীৰ মাজত সংযোগ স্থাপন কৰিছে এই বাঁহৰ সাঁকোডালে ৷ দুয়োখন গাঁৱৰ মাজৰ 200 মিটাৰ দৈৰ্ঘ্যৰ এই বাঁহৰ সাঁকোৰ ঠাইত এখন দলং নোহোৱাৰ বাবেই যাতায়তৰ ক্ষেত্ৰত যমৰ-যাতনা ভুগিবলগীয়া হৈছ অঞ্চলটোৰ লোকে ৷
লগতে পঢ়ক:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ বৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
স্থানীয় লোকে সাংবাদিকৰ আগত অভিযোগ কৰা মতে, এই ঠাইত এখন পকী দলং নিৰ্মাণ কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক বহু আবেদন কৰিছিল ৷ কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ পৰা আজিকোপতি কোনো সহাঁৰি লাভ নকৰিলে মাদৈকাটাৰ ৰাইজে ৷
তদুপৰি, স্থানীয় বিধায়ক আৰু পঞ্চায়ত প্ৰতিনিধিকো বহুবাৰ এই বাঁহৰ সাঁকো ডালৰ কথা অৱগত কৰিছে ৰাইজে ৷ ৰাইজৰ দাবীৰ ভিত্তিত বিগত সময়ত স্থানীয় বিধায়কৰ লগতে পঞ্চায়ত প্ৰতিনিধিয়ে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে ৷ কিন্তু সেই প্ৰতিশ্ৰুতি আজিও কাৰ্যত পৰিণত নোহোৱাৰ অভিযোগ তুলিছে স্থানীয় লোকে ৷