অসম

assam

By

Published : Dec 26, 2020, 7:06 AM IST

Updated : Dec 26, 2020, 7:16 AM IST

ETV Bharat / state

জৰাজীৰ্ণ কাঠৰ দলঙে জ্বলা-কলা খুৱাইছে ৰঙিয়াবাসীক

ৰঙিয়াৰ সাপ্তাহিক বজাৰৰ কাষেৰে বৈ যোৱা বৰলীয়া নৈৰ ওপৰত থকা কাঠৰ দলংখনৰ এতিয়া বিপজ্জনক অৱস্থা ৷ দুবছৰ পূৰ্বে মেৰামতি কৰা দলংখনৰ কাঠবোৰ জহি-খহি যোৱাৰ বাবে যাতায়াতৰ অসুবিধাৰ সন্মুখীন হৈছে ৰঙিয়াবাসী ৷

poor condition of a bridge
ৰঙিয়াত জৰাজীৰ্ণ দলং

ৰঙিয়া,26 ডিচেম্বৰ : এখন জৰাজীৰ্ণ দলঙৰ বাবে মৰণত শৰণ দি যাত্ৰা কৰিবলৈ বাধ্য হৈছে ৰঙিয়াবাসী। ৰঙিয়াৰ সাপ্তাহিক বজাৰৰ কাষেৰে বৈ যোৱা বৰলীয়া নৈৰ ওপৰত থকা কাঠৰ দলংখন প্ৰায় দুবছৰ পূৰ্বে মেৰামতি কৰা হৈছিল যদিও বৰ্তমান জৰাজীৰ্ণ অৱস্থাত আছে দলংখন ৷

বিজেপি নেতাৰ অতি ঘনিষ্ঠ ঠিকাদাৰে মেৰামতি কৰা দলংখনৰ উৱলি যোৱা কাঠবোৰ জহি-খহি যাব ধৰা পৰিলক্ষিত হৈছে । ইয়াৰোপৰি দলঙৰ কাষৰ কাঠবোৰ ভাঙি গৈ নোহোৱা হোৱাৰ বাবে প্ৰায়েই দলংখনত দুৰ্ঘটনা সংঘটিত হয় ৷

ৰঙিয়াত জৰাজীৰ্ণ দলং

দলংখনৰ দুৰৱস্থাৰ বাবে বছৰ বছৰ ধৰি সকলোৱে হাতৰ মুঠিত প্ৰাণটো লৈ যাতায়াত কৰি আহিছে। উল্লেখ্য যে,কাষতে থকা সাপ্তাহিক বজাৰখনৰ পৰা ৰঙিয়া পৌৰ প্ৰশাসনে বছৰত কেইবা লক্ষাধিক টকা কৰ সংগ্ৰহ কৰে । স্থানীয় ৰাইজে প্ৰশাসনলৈ আহ্বান জনাইছে যাতে অতি শীঘ্ৰেই দলংখন পকীকৰণ কৰি ৰঙিয়াবাসীক এই বিপদৰ পৰা উদ্ধাৰ কৰে ৷

লগতে পঢ়ক :গুৱাহাটীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

Last Updated : Dec 26, 2020, 7:16 AM IST

ABOUT THE AUTHOR

...view details