অসম

assam

কালৰ গৰাহত দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতি বিজড়িত এটি বৌদ্ধ স্তুপ

By

Published : Mar 11, 2020, 10:53 AM IST

ক্ৰমাৎ ধ্বংৰ দিশে গতি কৰিছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অসমত নিৰ্মিত স্মৃতি চিহ্ন ৷ ৰঙিয়াৰ বাৰ্মিজ নগৰত প্ৰায় ডেৰবছৰ কাল পুৰণি তথা দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতিৰ সৈতে জড়িত এটি বৌদ্ধ স্তুপ কালৰ গৰাহত ৷

দ্বিতীয় বিশ্বযুদ্ধ
কালৰ গৰাহত বিশ্বযুদ্ধৰ স্মৃতি বিজড়িত এটি বৌদ্ধ স্তুপ

ৰঙিয়া, 11 মাৰ্চঃকালৰ গৰাহত দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতিৰ কঢ়িয়াই লৈ ফুৰা ৰঙিয়াৰ এটি বৌদ্ধ স্তুপ ৷ ক্ৰমাৎ ধ্বংসৰ দিশে গতি কৰিছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ অসমত থকা স্মৃতি চিহ্নসমূহ ৷ তাৰ ভিতৰত আছে ৰঙিয়াৰ বাৰ্মিজ নগৰত থকা এটা বৌদ্ধ স্তুপ ৷

উল্লেখ্য যে, ব্ৰিটিছৰ সৈতে যুদ্ধ কৰিবলৈ অহা মিত্ৰবাহিনীৰ বাৰ্মিজ সৈন্যৰ এটা দলে সেই সময়ত ৰঙিয়াত প্ৰায় ডেৰবছৰ কাল বাহৰ পাতি আছিল । সেই সময়তে তেওঁলোকে আৰাধ্য দেৱতাক স্তুতি কৰিবলৈ ৰঙিয়াৰ বাৰ্মিজ নগৰত নিৰ্মাণ কৰিছিল এটা বৌদ্ধ স্তুপৰ । কিন্তু অতি পৰিতাপৰ বিষয় যে, বৰ্তমান পৰিত্যক্ত অৱস্থাত পৰি আছে বৌদ্ধ স্তুপটো ৷ ৰঙিয়াত বৌদ্ধ ধৰ্মাৱলম্বী লোক নাই বাবে মানুহৰ সমাগম নহয় এই স্তুপটোত । আনকি বৰলীয়া নৈৰ পাৰত গম্বুজ সদৃশ থিয় হৈ থকা তথা ঐতিহ্য বহন কৰি অহা স্তুপটোৰ বিষয়ে বহুলোকেই অজ্ঞ । স্তুপটোৰ কাষত নাই এখন নামফলক, নাই কোনো সংৰক্ষণৰ ব্যৱস্থা । স্থানীয় কেইগৰাকীমান যুৱকে স্তুপটো সংৰক্ষণৰ চেষ্টা কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় ।

কালৰ গৰাহত দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতি বিজড়িত এটি বৌদ্ধ স্তুপ

আনহাতে, বৰলীয়া নৈখন একেবাৰে কাষতেই থকাৰ বাবে খহনীয়া আহি নিচেই কাষ চাপিছেহি স্তুপটোৰ । দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতিৰ কঢ়িয়াই লৈ ফুৰা লগতে পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা এই বৌদ্ধ স্তুপটো বৰ্তমান ধ্বংসৰ গৰাহত । যদিহে সোনকালে ব্যৱস্থা গ্ৰহণ কৰা নহয় তেনেহলে কালৰ গৰাহত বৌদ্ধ স্তুপটো নিঃশেষ হৈ যাব বুলি মন্তব্য কৰে স্থানীয় লোকে ৷

আৰু পঢ়কঃ দিল্লী সংঘৰ্ষ সম্পৰ্কত 11 মাৰ্চত লোকসভাত আলোচনা

ABOUT THE AUTHOR

...view details