আজাৰ, 8 জুন :অখিল গগৈ, বিতু সোণোৱাল, ধৈৰ্য কোঁৱৰ আদি কেইবাজনো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা-সদস্যৰ মুক্তিৰ দাবীত সোমবাৰে ৰাজ্যৰ বিভিন্ন স্থানত কৰা হৈছিল প্ৰতিবাদ ৷ মিৰ্জাত এই প্ৰতিবাদ সাব্যস্ত কৰি গ্ৰেপ্তাৰ হৈছিল কেইবাজনো ব্যক্তি ৷ দুপৰীয়া পলাশবাৰী আৰক্ষীয়ে কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰি কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিল । নিশাৰ ভাগত মুকলি কৰি দিয়া হ'ল মিৰ্জাত প্ৰতিবাদ সাব্যস্ত কৰি গ্ৰেপ্তাৰ হোৱা লোকসকলক ।
কামৰূপ জিলা 'কা' বিৰোধী সংগ্ৰামী ঐক্য মঞ্চৰ উদ্যোগত অখিল গগৈ,ধৈৰ্য কোঁৱৰ,বিতু সোণোৱালসহ 'কা' বিৰোধী প্ৰতিবাদত অংশ লৈ কাৰাবন্দী হৈ থকা প্ৰতিবাদকাৰী সকলক বিনাচৰ্তে মুকলিৰ দাবীত দক্ষিণ কামৰূপৰ মিৰ্জাৰ মামনি ৰয়ছম গোস্বামী চ'কত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছিল একাংশ প্ৰতিবাদকাৰীয়ে । হাতে-হাতে প্লে' কাৰ্ড লৈ বিজেপি চৰকাৰ হায় হায়,অখিল গগৈক মুক্তি দিয়ক,অখিল গগৈক লৈ ৰাজনৈতিক ষড়যন্ত্ৰ কৰা বন্ধ কৰক আদি বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে পলাশবাৰী আৰক্ষী উপস্থিত হৈ আটাইকেইজন লোকক আটক কৰি পলাশবাৰী আৰক্ষী থানালৈ লৈ যায় ।