অসম

assam

ETV Bharat / state

মহানগৰীত ড্ৰাগছেৰে জন্মদিনৰ পাৰ্টী : আৰক্ষীৰ জালত ১৮ জনকৈ যুৱক-যুৱতী - খাৰঘুলীত ড্ৰাগছ জব্দ

সান্ধ্য আইনৰ মাজতে মহানগৰীত ৰেভ পাৰ্টী কৰি আটক সম্ভ্ৰান্ত পৰিয়ালৰ যুৱক-যুৱতী ৷ জন্মদিন উদযাপনৰ নামত বিভিন্ন নিচাজাতীয় সামগ্ৰী সেৱন কৰিছিল পুৰুষ-মহিলাকে ধৰি যুৱক-যুৱতীসকলে ৷ আৰক্ষীয়ে আটক কৰিছে 18 গৰাকীকৈ যুৱক-যুৱতীক ৷

as_ghy_05_police_raids_party_cocaine-ganja_seized_7209925
মহানগৰীত ড্ৰাগছেৰে জন্মদিনৰ পাৰ্টী : আৰক্ষীৰ জালত ১৮ জনকৈ পুৰুষ-মহিলা

By

Published : Aug 14, 2021, 6:35 PM IST

গুৱাহাটী, 14 আগষ্ট : ক'ভিড পৰিস্থিতিৰ বাবে অব্যাহত থকা নৈশ সান্ধ্য আইনৰ মাজতে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত নিশা চলিল ৰেভপাৰ্টী । সম্ভ্ৰান্ত পৰিয়ালৰ জন্মদিন উদযাপনৰ নামত নিষিদ্ধ ড্ৰাগছ আৰু গাঞ্জাৰ পার্টী । ক’ভিড প্ৰ’টকল ভংগ কৰি একাংশ যুৱক-যুৱতীয়ে সুৰা আৰু ড্ৰাগছেৰে উদযাপন কৰিলে জন্মদিনৰ পাৰ্টী ।

শুকুৰবাৰে নিশা সংঘটিত হোৱা এই ঘটনাৰ স্থান মহানগৰীৰ খাৰঘূলি । খাৰঘূলিৰ ৰিভেইয়া এপাৰ্টমেণ্টত বিকাশ জৈন নামৰ এজন লোকৰ ঘৰত উদ্দাম পাৰ্টী কৰি ৰঙাঘৰৰ আলহী হ’ল ১৮ গৰাকী যুৱক-যুৱতী । অতি সম্ভান্ত্ৰ ঘৰৰ এই যুৱক-যুৱতীসকলৰ এই ৰেভপাৰ্টীক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰে । অমৃত বৰুৱা নামৰ এজন লোকৰ জন্মদিন উদযাপনৰ নামত এপাৰ্টমেণ্টটোত চলিছিল ৰেভপাৰ্টী ।

জব্দকৃত ড্ৰাগছ

এপাৰ্টমেন্টৰ ৩য় মহলাত থকা বিকাশ জৈনৰ ঘৰত আয়োজন কৰা হৈছিল অমৃত বৰুৱা নামৰ ব্যক্তিগৰাকীৰ জন্মদিন । জন্মদিনৰ পাৰ্টীৰ নামত তাত মজুত কৰি ৰখা হৈছিল কোকেইন-গাঞ্জাৰ দৰে বিভিন্ন নিচাযুক্ত দ্ৰব্য।

লগতে পঢ়ক :অসম-নগালেণ্ড সীমান্তৰ নামতোলাত ড্ৰাগছ, নগদ ধন জব্দ

ক'ভিড প্ৰট'কল ভংগ কৰি মাজনিশালৈ চলা এই পার্টীৰ তথ্য লতাশিল আৰক্ষীয়ে লাভ কৰিছিল । সেই মৰ্মে গভীৰনিশা এপাৰ্টমেণ্টটোত অতৰ্কিতে অভিযান চলাই আৰক্ষীয়ে ঘৰটোৰ গৰাকী বিকাশ জৈনসহ ১৮ জনকৈ যুৱক-যুৱতীক আটক কৰে । ইয়াৰ লগতে আৰক্ষীয়ে জব্দ কৰে ৫ গ্ৰাম কোকেইন আৰু বৃহৎ পৰিমাণৰ গাঞ্জা ।

আৰক্ষীয়ে আটক কৰা ১৮ জনৰে মোবাইল ফোন জব্দ কৰি ক'ৰ পৰা কেনেদৰে কোকেইন গুৱাহাটীলৈ আনিলে তাৰ অনুসন্ধানত নামি পৰিছে । আনহাতে, এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়- 'গুৱাহাটী মহানগৰীত যোৱানিশা কোকেইন সেৱন কৰি জন্মদিন উদযাপন কৰাৰ সময়তে আৰক্ষীয়ে বহুকেইজন লোকক গ্ৰেপ্তাৰ কৰিছে । ড্ৰাগছৰ বিৰুদ্ধে এই যুদ্ধখন চলি থাকিব । প্ৰতিদিনে ড্ৰাগছ আমি ধৰি আছো । অসমত এনে কাম নকৰিব, এনে কৰিলে কঠোৰ শাস্তিৰ সন্মূখীন হ’ব লাগিব ।'

লগতে পঢ়ক :মহানগৰীৰত ড্ৰাগছ সহ পাঁচ সহবৰাহকাৰীক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details