অসম

assam

Rangia Double Suicide case update: প্ৰবীণ আগৰৱালাক লগত লৈ মাতৃ কন্যাৰ আত্মহনন তদন্ত আগুৱাইছে আৰক্ষীয়ে

By

Published : Aug 18, 2023, 2:37 PM IST

ৰঙিয়াৰ দ্বৈত আত্মহত্যাকাণ্ডৰ চৰ্চা আজিও অব্যাহত আছে ৷ ঘটনাৰ তদন্তৰ বাবে শুকুৰবাৰে ঘটনাস্থলীলৈ লৈ যোৱা হৈছে অভিযুক্ত প্ৰবীণ আগৰৱালাক ।

Etv Bharat
Etv Bharat

ৰঙিয়াৰ ডবল আত্মহত্যাকাণ্ডৰ আজি অষ্টমটো দিন

ৰঙিয়া, 18 আগষ্ট : ৰঙিয়াৰ মাতৃ-কন্যাৰ আত্মহত্যাকাণ্ডৰ আজি অষ্টমটো দিন । আজি অৰ্থাৎ শুকুৰবাৰে ঘটনা স্থলীলৈ লৈ যোৱা হৈছে অভিযুক্ত প্ৰবীণ আগৰৱালাক । সকলোৰে জ্ঞাত যে, 14 আগষ্টৰ দিনা ৰঙিয়াৰ মাজ মজিয়াত উদ্ধাৰ হৈছিল মাতৃ নিশা আগৰৱালা আৰু কন্যা কণিকা আগৰৱালাৰ মৃতদেহ ৷ মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰৰ পাচৰ পৰাই আজিও আৰক্ষীয়ে অব্যাহত ৰাখিছে ঘটনাৰ অনুসন্ধান ।

আৰক্ষীৰ জিম্মাত আছে উক্ত ঘটনাটোৰ মূল অভিযুক্ত প্ৰবীণ আগৰৱালা ৷ আৰক্ষীৰ জিম্মাত প্ৰবীণ আগৰৱালাৰ আজি দ্বিতীয়টো দিন । এই ঘটনাৰ অনুসন্ধানৰ বাবে আৰক্ষীয়ে ঘটনাস্থলীলৈ লৈ যায় অভিযুক্ত প্ৰবীণ আগৰৱালাক ৷ মহকুমা আৰক্ষী বিষয়া আৰু দণ্ডাধীশৰ উপস্থিতিত প্ৰবীণ আগৰৱালাই আৰক্ষীৰ আগত দুৰ্ঘটনাটোৰ বিষয়ে বিস্তাৰিতভাবে অৱগত কৰে । আৰক্ষীয়ে অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিতে নিগনি মৰা ঔষধ ক্ৰয় কৰা বিপনিলৈয়ো অভিযুক্ত প্ৰবীন আগৰৱালাক লৈ যায় ।

অভিযুক্তই স্বীকাৰোক্তি দিয়া মতে, ৰঙিয়াৰ কামৰূপ বীজ ভাণ্ডৰৰ পৰা ক্ৰয় কৰিছিল নিগনি মৰা ঔষধ ৷ ইফালে আৰক্ষীৰ আগত অভিযুক্তই আত্মহত্যা বুলি স্বীকাৰোক্তি দিছে যদিও মৃত নিশা আগৰৱালাৰ পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাখিল কৰিছে এক এজাহাৰ । অৱশ্যে আৰক্ষীৰ তদন্দৰ অন্ততহে সকলো তথ্য পোহৰলৈ আহিব ৷

মাৰোৱাৰী সমাজৰ এজন লোকে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে, এই ঘটনা সংঘটিত কৰা পিচতো চাৰি দিনলৈ স্বাভাৱিক জীৱন যাপন কৰিছিল প্ৰবীণ আগৰৱালাই । হোটেলৰ পৰা ৰসগোল্লা, পেৰা ক্ৰয় কৰি আনি খাইছিল প্ৰবীণ আগৰৱালাই । ৰেষ্টুৰেণ্টৰ পৰাও প্ৰবীণ আগৰৱালাই সুস্বাদু খাদ্য আনিছিল পত্নী-কন্যাৰ মৃতদেহ ৰখা ঘৰটোলৈ । আনকি প্ৰতিটো দিনে নিশাৰ ভাগতো দুটাকৈ মৃতদেহ থকা কোঠাতে শুইছিল প্ৰবীণ আগৰৱালাই ৷

তেওঁ আৰু কয়, ‘‘নিশা আগৰৱালা আৰু কণিকা আগৰৱালাৰ মৃতদেহ উদ্ধাৰৰ দিনা এগৰাকী বন্ধুৰ সন্তানক ফাতেমা কন্টভেন্ট স্কুলত থৈ আহি নগাঁৱৰ ৰহালৈ পলায়ন কৰিছিল প্ৰবীণ আগৰৱালা । এক স্বাভাৱিক জীৱন-যাপন কৰিছিল প্ৰবীণে’’ ৷ ইফালে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে ৰঙিয়াৰ অধিকাংশ লোকে ।

লগতে পঢ়ক :Rangia dead body recover case: মাতৃ-কন্যাৰ মৃত্যুক পৰিকল্পিত আত্মহত্যা বুলি সদৰী ধৃত প্ৰবীণৰ

ABOUT THE AUTHOR

...view details