ৰঙিয়া,৪ ছেপ্টেম্বৰ:ৰঙিয়া আৰক্ষীৰ জালত পৰিল দীৰ্ঘদিনে প্ৰৱঞ্চনাৰ জাল পেলোৱা এটা প্ৰৱঞ্চক(Fraud arrested in Rangia) । ৰঙিয়া আৰক্ষীয়ে নলবাৰী আৰক্ষীৰ সহযোগত শনিবাৰে নিশা প্ৰৱঞ্চকটোক নলবাৰী চহৰৰ পৰা আটক কৰি আনে । ধৃত প্ৰৱঞ্চকটো নলবাৰী সত্যজিৎ ডেকা । আৰক্ষীৰ ভাষ্য অনুসৰি প্ৰৱঞ্চকটোৰ বিৰুদ্ধে বাছ আস্থান বা তেনেকুৱা কোনো ঠাইত অকলশৰীয়াকৈ থকা মহিলাক সহায় কৰাৰ চলেৰে লুটি নিয়াৰ বহুকেইটা অভিযোগ আছে(Arrested fraud cheated many people) ।
তেনেদৰে এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে প্ৰৱঞ্চকটোক আটক কৰিবলৈ সক্ষম হয় । ঘটনা অনুসৰি শনিবাৰে দিনৰ ভাগত কেন্দুকোনা নিবাসী তথা ৬২ নং পশ্চিম সাহান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী এলিজা শইকীয়াই ৩১ নং ঘাইপথৰ উদিয়ানা চ'কত গাড়ীৰ বাবে অপেক্ষা কৰি আছিল । তেনে সময়তে প্ৰৱঞ্চক সত্যজিৎ ডেকাই উক্ত স্থানত আহি মহিলা গৰাকীক নিজকে তেওঁৰ ভাগিন লৰাৰ বন্ধু বুলি পৰিচয় দি তেওঁক ঘৰত থৈ আহিম বুলি কয় ।