অসম

assam

ETV Bharat / state

Rangia T T College: ৰঙিয়া শিক্ষক প্রশিক্ষণ মহাবিদ্যালয়ত ‘‘কি সুৰে উতলা আহিনৰ বাঁহী" শীৰ্ষক অনুষ্ঠান - Rangia Teacher Training College

ৰঙিয়া শিক্ষক প্রশিক্ষণ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কবিতা আবৃত্তিৰ এক বিশেষ অনুষ্ঠান ৷ ‘‘কি সুৰে উতলা আহিনৰ বাঁহী" শীৰ্ষক অনুষ্ঠানটোৰ আঁত ধৰে ৰঙিয়া শিক্ষক প্রশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ পার্থ ফুকন মহন্তই ।

Rangia T T College
ৰঙিয়া শিক্ষক প্রশিক্ষণ মহাবিদ্যালয়ত কি সুৰে উতলা আহিনৰ বাঁহী শীৰ্ষক অনুষ্ঠান

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 5:27 PM IST

ৰঙিয়া শিক্ষক প্রশিক্ষণ মহাবিদ্যালয়ত কি সুৰে উতলা আহিনৰ বাঁহী শীৰ্ষক অনুষ্ঠান

ৰঙিয়া,18 অক্টোবৰ :বুধবাৰেৰঙিয়া শিক্ষক প্রশিক্ষণ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় কবিতা আবৃত্তিৰ এক বিশেষ অনুষ্ঠানৰ ৷ মহাবিদ্যালয়খনৰ সাহিত্য চ’ৰাৰ উদ‍্যোগত অনুষ্ঠিত অনুষ্ঠানটোত বহু কেইগৰাকী কবিয়ে কবিতা পাঠ আৰু আবৃত্তি কৰে । ‘‘কি সুৰে উতলা আহিনৰ বাঁহী" শীৰ্ষক অনুষ্ঠানটোৰ আঁত ধৰে ৰঙিয়া শিক্ষক প্রশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ পার্থ ফুকন মহন্তই ।

এই সাহিত্য অনুষ্ঠানতে অসমৰ কেইবাগৰাকীও বিখ্যাত কবিৰ কবিতাৰ লগতে মহাবিদ্যালয়খনৰ ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্রী আৰু আমন্ত্রিত অতিথিৰ স্ব-ৰচিত কবিতা পাঠ কৰা হয় । বিভিন্নজনে কবিতা পাঠ কৰা অনুষ্ঠানটো শৰতৰ সুবাসেৰে জীপাল হৈ উঠা পৰিলক্ষিত হয় ।

এই বিশেষ অনুষ্ঠানটোত ৰঙিয়া শিক্ষক প্রশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ পার্থ ফুকন মহন্ত, তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সহকাৰী অধ‍্যাপিকা প্ৰিয়ংকা বসুমতাৰী, ৰঙিয়া শিক্ষক প্রশিক্ষণ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ পাৰ্থ বৈশ‍্য, ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ ইমদাদুল আলী আৰু উদীয়মান কবি মিথিংগা বসুমতাৰীৰ লগতে সাহিত‍্যনুৰাগী ৰাইজ অনুষ্ঠানটোত উপস্থিত থাকে ৷

‘‘এই অনুষ্ঠানৰ উদ্দেশ্য আছিল নৱ প্ৰজন্মৰ মাজত যাতে কবিতাৰ জনপ্ৰিয়তা বৃদ্ধি পায় ৷ যুৱ প্ৰজন্মৰ সাহিত্যৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰা আমাৰ লক্ষ্য ৷ প্ৰযুক্তিবিদ্যাৰ দিনত যুৱ-যুৱতীক কেনেকৈ সাহিত্যৰ প্ৰতি আকৰ্ষণ কৰিব পাৰি সেই বিষয়ে কৰা হয় আলোচনা ৷ এই কবি সন্মিলনৰ যোগেদি আমাৰ ছাত্ৰ-ছাত্ৰীসকলক বৰ্তমানৰ কবিতাৰ অৱস্থাৰ বিষয়ে অৱগত কৰা হয় ৷’’ এই মন্তব্য ৰঙিয়া শিক্ষক প্রশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষৰ ৷

আনহাতে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি আনন্দিত হোৱাৰ লগতে উদীয়মান কবি সকলক উৎসাহ প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আয়োজক ৰঙিয়া শিক্ষক প্রশিক্ষণ মহাবিদ্যালয় কৰ্তৃপক্ষক ৷

লগতে পঢ়ক:Assam Govt again taking Loan:দুগৰাকীকৈ প্ৰাক্তন বিধায়কৰ দৃষ্টিত অসমৰ ভৱিষ্যৎ কোন দিশে?

ABOUT THE AUTHOR

...view details