বকো , ৫ জানুৱাৰী :শৈশৱ কালৰ পৰাই কবিতাৰ প্ৰেমত বন্দী হৈ সম্প্ৰতি অসমৰ বৌদ্ধিক সমাজৰ অন্য়তম এগৰাকী উল্লেখযোগ্য় ব্য়ক্তি হিচাপে নিজকে চিনাকি দিবলৈ সক্ষম হৈছে বিৰিঞ্চি ৰাভাই । বিশিষ্ট শিক্ষাবিদ,কবি তথা গীতিকাৰ বিৰিঞ্চি ৰাভাৰ এখন কাব্য সংকলন মঙলবাৰে উন্মোচন কৰা হয় । "লাঙা শাল " শীৰ্ষক কাব্য় সংকলনখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম সন্তান তথা বিশিষ্ট শৰীৰ চৰ্চাবিদ গোলাপ ৰাভাই । দুবাৰকৈ মিষ্টাৰ ইণ্ডিয়া খিতাপ বিজয়ী তথা মিষ্টাৰ ইউনিৰ্ভাছ পদক অৰ্জন কৰা গোলাপ ৰাভাৰ কামৰূপ জিলাৰ বকোৰ কালিয়াবড়ীৰ বাসগৃহত কাব্য সংকলনখন উন্মোচন কৰা হয় ।
বকোত উন্মোচন কাব্য সংকলন 'লাঙা শাল' - বিৰিঞ্চি ৰাভা
বিশিষ্ট শিক্ষাবিদ,কবি তথা গীতিকাৰ বিৰিঞ্চি ৰাভাৰ এখন কাব্য সংকলন মঙলবাৰে উন্মোচন কৰা হয়। "লাঙা শাল" শীৰ্ষক কাব্য় সংকলনখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম সন্তান তথা বিশিষ্ট শৰীৰ চৰ্চাবিদ গোলাপ ৰাভাই ।
বকোত উন্মোচন কাব্য সংকলন 'লাঙা শাল'
উল্লেখ্য যে ৰাভা ভাষাৰ পণ্ডিত আৰু ৰাম গগৈ ৰাজ্যিক সাহিত্যিক বঁটা প্ৰাপক বিৰিঞ্চি ৰাভাৰ কাব্য সংকলন উন্মোচন অনুষ্ঠানৰ আঁত ধৰে সাংবাদিক বিষ্ণু ৰাম দাসে। কাব্য সংকলন উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট কবি সাহিত্যিক তথা ৰাভা ভাষাৰ জনপ্ৰিয় সাংস্কৃতিক কৰ্মী সুৰেন্দ্ৰ স্বৰ্গীয়াৰী,কবি নয়ন ৰাভাকে ধৰি বহু কেইজন শিল্পী ।
লগতে পঢ়ক :নগাঁওত চৰকাৰী কৰ্মচাৰীৰ আজৱ কাণ্ড