অসম

assam

চতুৰ্থ দিনত ভৰি দিলে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ

By

Published : Oct 4, 2019, 10:42 PM IST

ৰাজ্যজুৰি চতুৰ্থ দিনাও অব্যাহত আছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ কৰ্মবিৰতিয়ে | চতুৰ্থ দিনাও বিলাসীপাৰা, আজাৰা, বটদ্ৰৱাত অব্যাহত ঠিকা ভিত্তিক কৰ্মচাৰী সকলৰ প্ৰতিবাদ । চাকৰি নিয়মীয়াকৰণৰ লগতে বিভিন্ন দাবীৰ সমৰ্থনত কৰ্ম বিৰতি পালন কৰিছে কৰ্মচাৰীসকলে । যদিহে ইয়াৰ পিছতো চৰকাৰে বিশেষ কোনো ব্যৱস্থা নলয় তেন্তে ১৪ অক্টোবৰৰ পৰা অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি ঘোষণা কৰিব বুলি প্ৰতিবাদকাৰীসকলে হুংকাৰ দিয়ে ।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ

বিলাসীপাৰা, আজাৰা, বটদ্ৰৱা,4অক্টোবৰঃৰাজ্যজুৰি অব্যাহত আছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ কৰ্মবিৰতি | ফলত স্থবিৰ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিলাসীপাৰা মহকুমাৰ মহামায়া আৰু বিলাসীপাৰা উন্নয়ন খণ্ড । খণ্ড উন্নয়ন কাৰ্যালয় দুটাত নিয়োজিত ঠিকা ভিত্তিক কৰ্মচাৰী সকলে পৃথকে-পৃথকে পালন কৰে কৰ্মবিৰতি | কাৰ্যালয় দুটাৰ সন্মুখত কৰ্ম বিৰতিৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকৰ চাকৰি সুনিশ্চিত কৰাৰ লগতে নিয়মীয়াকৰণ, গ্ৰেড পে স্কেল দিয়াৰ উপৰিও সকলো চৰকাৰী সুবিধা প্ৰদানৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।

মহানগৰীৰ নিকটৱৰ্তী ৰাণীতো একেই দৃশ্য ৷ ৰাজ্যৰ ৮৬২০ জন ঠিকাভিত্তিত কৰ্মচাৰীৰ মাহিলি বেতন কম হোৱাৰ অভিযোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ সমীপৰ ৰাণীৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত ৮ খন গাঁও পঞ্চায়তৰ কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰে । যদিহে চৰকাৰে ইয়াৰ পিছতো বিশেষ কোনো ব্যৱস্থা নলয় তেন্তে ১৪ অক্টোবৰৰ পৰা অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি ঘোষণা কৰিব বুলি প্ৰতিবাদকাৰীসকলে হুংকাৰ দিয়ে ।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ

বটদ্ৰৱাটো চতুৰ্থ দিনাও অব্যাহত আছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ । প্ৰতিবাদৰ চতুৰ্থ দিনা কৰ্মচাৰীসকলে শীঘ্ৰে তেওঁলোকৰ দাবী পূৰণ কৰিবলৈ চৰকাৰক দাবী জনাই । অন্যথা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰাৰো ভাবুকি দিয়ে প্ৰতিবাদকাৰীসকলে ।

ABOUT THE AUTHOR

...view details