ৰে'ল যাত্ৰা সুলভ আৰু সুখকৰ হ'ব লাগিব গুৱাহাটী,৬ আগষ্ট :অমৃত ভাৰত ৰে'ল ষ্টেচন আঁচনিৰ অধীনত অসমৰ ৩২টা ষ্টেচনকে ধৰি দেশৰ ৫০৮ টা ৰে'লৱে ষ্টেচন উন্নীতকৰণ তথা পুনৰ নিৰ্মাণৰ বাবে আগবাঢ়িছে ভাৰতীয় ৰে'ল বিভাগে । বিশ্বমানৰ পৰ্যায়লৈ উন্নীত কৰিব লগীয়া এই ষ্টেচন কেইটাৰ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি আধাৰশিলা স্থাপন কৰে । এই আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ সাধাৰণ নাগৰিকৰ বাবে ৰে'লৱে ষ্টেচন আধুনিকীকৰণ অতি জৰুৰী । আজি বিশ্বৰ প্ৰতিখন দেশৰ দৃষ্টি ভাৰতৰ ওপৰত ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰে'ল যাত্ৰা সুলভ আৰু সুখকৰ হ'ব লাগিব । বহিবৰ বাবে উপযুক্ত আসন, জিৰণী কক্ষ, ষ্টেচনত WIFI থাকিব লাগিব । কাৰণ ৰে'লৱে খণ্ড আমাৰ জীৱন ৰেখা । ষ্টেচনসমূহৰ আধুনিকীকৰণৰ লগে লগে বিশ্ব পৰ্যটক বৃদ্ধি পাব । প্ৰতিটো ৰে'লৱে ষ্টেচনত অঞ্চল বিশেষৰ সভ্যতা,সংস্কৃতিৰ প্ৰকাশ পাব । ৰে'লৱেৰ সামগ্ৰীক বিকাশৰ বাবে এই প্ৰকল্প আৰম্ভ হৈছে ।
ৰে'লৱে ষ্টেচনৰ আধুনিকীকৰণৰ তালিকাত অসমৰ ৩২ টা ৰেলৱে ষ্টেচনৰ তালিকাৰ ভিতৰত গুৱাহাটী মহানগৰীৰ নাৰেংগী ষ্টেচন অন্তৰ্ভুক্ত কৰা হৈছে । অসমৰ ৩২ টা ৰে'লৱে ষ্টেচনৰ আধুনিকীকৰণ বাবে ৰে'ল বিভাগে ব্যয় কৰিব ৯২২কোটি টকা ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীযে আজি ভাৰ্চুৱেলি আধাৰশিলা স্থাপন কৰা উক্ত অনুষ্ঠানটোত অসমৰ বাবে গুৱাহাটী নাৰেংগী ষ্টেচনত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা,লোকসভাৰ সাংসদ কুইন ওজা, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰনীয়াকে ধৰি উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।
এই অনুষ্ঠানটোত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই কয় যে বিশ্বগুৰু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লক্ষ্য ২০৪৭ চনত বাস্তাৱায়িত হ'ব । বিশ্বৰ ৫ খন উন্নত ৰাষ্ট্ৰৰ অৰ্থনীতিৰ স্থানত ভাৰত অচিৰেই হয়তো অৰ্থনীতিৰ তৃতীয়খন সবল দেশ হ'ব ভাৰত । দেশৰ ৫০৮ টা ষ্টেচন ভিতৰত অসমত ৩২ ৰে'লৱে ষ্টেচনৰ আধুনিকীকৰণ হ'ব ।
অহা দুবছৰৰ পিচত স্থাপন কৰা আধাৰশিলা কাম সম্পূৰ্ণ হ'ব । অসমৰ ৰে'ল খণ্ডৰ বাবে চলিত বাজেটত অসমৰ বাবে ১০ হাজাৰ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে । বাজেটত নিৰ্ধাৰিত এই ধনেৰে স্বাভাৱিকতে উত্তৰ পূৱ ৰেল খণ্ডৰ উত্তোৰণ হ'ব বুলি তেওঁ কয় । গুৱাহাটী ৰে'লৱে ষ্টেচনত ৬০০ কোটি টকা প্ৰকল্প চলি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে মোদীৰ নেতৃত্বত বৃহৎ পৰিবৰ্তনৰ দিশে আগবাঢ়িছে দেশৰ অৰ্থনীতি ।
লগতে পঢ়ক:Japanese encephalitis in Assam: ৰাজ্যত ২৫৪ জন লোক জাপনীজ এনকেফেলাইটিছত আক্ৰান্ত