নিউজ ডেস্ক, 18 জুন : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে নামনি অসমৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিব(CM visit flood affected area in Lower Assam) ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি পুৱা প্ৰায় 9 বজাত দিছপুৰৰ পৰা নামনি অসমলৈ ৰাওনা হয় ৷ দিছপুৰৰ পৰা ৰাওনা হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰি প্ৰধানমন্ত্ৰীয়ে শনিবাৰে পুৱা ফোনযোগে অসমৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ কথা জানিবলৈ দিয়ে ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটত প্ৰধানমন্ত্ৰী মোডীয়ে অসমৰ বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰাৰ কথা উল্লেখ কৰে ৷ প্ৰাকৃতিক দুৰ্যোগৰ ফলত ৰাজ্যখনৰ জনতাই সন্মুখীন হোৱা অসুবিধাৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে বুজ লোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়াৰ কথাও টুইটত জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।