আজাৰা,11 মে’: ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ নামত ইতিমধ্যে সংঘটিত হৈছে ব্যাপক কেলেংকাৰী ৷ দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ 107 নং বঙৰা গাওঁ পঞ্চায়ততো এই অনিয়ম সংঘটিত হোৱাৰ তথ্য প্ৰকাশ হৈছে ৷ প্ৰকৃত কৃষকক বঞ্চিত কৰাৰ বিপৰীতে পঞ্চায়ত প্ৰতিনিধিৰ পৰিয়াল, চৰকাৰী চাকৰিয়াল আৰু একাংশ বিজেপি নেতাৰ নাম সন্নিৱিষ্ট হৈছে প্ৰকাশিত 433 জনীয়া হিতাধিকাৰীৰ তালিকাত ৷ তালিকাত প্ৰকাশিত নাম অনুসৰি প্ৰতিজন ব্যক্তিয়ে লাভ কৰিছে আঁচনিখনৰ অন্তৰ্গত ধনৰাশি ৷ কিন্তু উক্ত তালিকাৰ মাত্ৰ 62 গৰাকীহে প্ৰকৃত কৃষক ৷
কৃষক সন্মান নিধিৰ তালিকাত চৰকাৰী চাকৰিয়ালৰ নাম ! - 107 নং বঙৰা গাওঁ পঞ্চায়ত
দক্ষিণ কামৰূপৰ বঙৰাত কৃষি সাহায্যৰ নামত সংঘটিত ব্যাপক দুৰ্নীতি ৷ পথাৰত কৰ্মৰত কৃষকৰ সলনি হিতাধিকাৰীৰ তালিকাত সোমাইছে চাকৰিয়াল তথা পঞ্চায়ত প্ৰতিনিধিৰ আত্মীয়ৰ নাম ৷
হিতাধিকাৰীৰ তালিকা
ইতিমধ্যে ঘটনা সন্দৰ্ভত জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে স্থানীয় লোকে । পঞ্চায়তখনৰ গ্ৰামসেৱক আৰু গাওঁবুঢ়াই মিলি ইচ্ছা অনুসৰি প্ৰস্তুত কৰিছিল ইতিমধ্যে প্ৰকাশিত তালিকাখন । বৰ্তমান প্ৰায় প্ৰতিটো অঞ্চলত সংঘটিত এই দুৰ্নীতিয়ে তোলপাৰ লগাইছে ৰাজ্য ।