অসম

assam

ETV Bharat / state

দক্ষিণ কামৰূপৰ পটনঞ্জলি কৰ’ণা চিকিৎসালয়ত মন্ত্ৰী পীয়ুষ হাজৰিকা

কেন্দ্ৰটোত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকা উপস্থিত হৈ প্ৰশাসনীক বিষয়া, চিকিৎসালয়খনৰ বিষয়-ববীয়াৰ সৈতে আলোচনাত মিলিত হৈ পৰিস্থিতিৰ বুজ লয় ৷

Piyus hazarika visit patanjali Covid hospital
দক্ষিণ কামৰূপৰ পটনঞ্জলি কৰ’ণা চিকিৎসালয়ত মন্ত্ৰী পীয়ুষ হাজৰিকা

By

Published : Aug 6, 2020, 10:32 PM IST

দক্ষিণ কামৰূপ,6 আগষ্টঃ ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ'ণা ৰোগীৰ সংখ্যা। এই কৰ'ণা ৰোগীৰ বাবেই যোৱা মাহত কৰ'ণা চিকিৎসালয় ৰূপে নিৰ্মাণ কৰা হৈছিল দক্ষিণ কামৰূপৰ বঙৰাস্থিত পতনঞ্জলি কেন্দ্ৰটো । এই কৰ'ণা চিকিৎসালয়খনত ৩০০ গৰাকী ৰোগীৰ থকাৰ ব্যৱস্থা কৰা হৈছিল ।

দক্ষিণ কামৰূপৰ পটনঞ্জলি কৰ’ণা চিকিৎসালয়ত মন্ত্ৰী পীয়ুষ হাজৰিকা

ইপিনে চিকিৎসালয়খনত বুধবাৰে নিশা ৰোগী সকলক দিয়া আহাৰৰ পেকেটত পোক ওলোৱাক কেন্দ্ৰকৰি কেন্দ্ৰটোত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ । সেয়ে বৃহস্পতিবাৰে কেন্দ্ৰটোত উপস্থিত হৈ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰশাসনিক বিষয়া, চিকিৎসালয়খনৰ বিষয়-ববীয়াৰ সৈতে আলোচনাত মিলিত হৈ পৰিস্থিতিৰ বুজ লয় । আনহাতে এই ঘটনা সম্পূৰ্ণৰূপে মিছা বুলি উল্লেখ কৰাৰ লগতে কোনো দুষ্ট চক্ৰৰ লোকে এই কাণ্ড সংঘটিত কৰা বুলি মন্তব্য কৰে পীয়ুষ হাজৰিকাই ।

লগতে পঢ়কঃ ঠেলামৰা কাণ্ড সন্দৰ্ভত উচতনি মূলক মন্তব্য বিধায়ক অশোক সিংঘালৰ

ABOUT THE AUTHOR

...view details