অসম

assam

By

Published : Sep 6, 2019, 8:06 PM IST

ETV Bharat / state

এন আৰ চিয়ে অসমীয়া জাতিক ৰক্ষা কৰিব নোৱাৰে : পীযুষ হাজৰিকা

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চিয়ে অসমীয়া জাতিক ৰক্ষা কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ এন আৰ চিক লৈ এনেদৰেই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে হাজৰিকাই ৷

এনআৰচিয়ে অসমীয়া জাতিক ৰক্ষা কৰিব নোৱাৰে, পীযুষ হাজৰিকা

আজাৰা, 6 ছেপ্তেম্বৰ :ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চিয়ে অসমীয়া জাতিক ৰক্ষা কৰিব নোৱাৰে বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ এন আৰ চিক লৈ এনেদৰেই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে হাজৰিকাই ৷ জালিয়াতিৰে মৰিগাঁও জিলাৰ মিকিৰভিটাত বিদেশীৰ নাম অন্তৰ্ভূক্ত হৈছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ নিজৰ সমষ্টিতে বিদেশীয়ে জালিয়াতিৰে নাম অন্তৰ্ভূক্ত কৰিছে বুলি মন্তব্য কৰে হাজৰিকাই ৷

এনআৰচিয়ে অসমীয়া জাতিক ৰক্ষা কৰিব নোৱাৰে, পীযুষ হাজৰিকা

বৰঝাৰ বিমান বন্দৰত এন আৰ চি সম্পৰ্কত মন্তব্য কৰি তেওঁ কয় যে, বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে বিদেশী বুলি চিনাক্ত হোৱা লোকৰ নামো এন আৰ চিত প্ৰকাশ পাইছে লগতে এই সম্পৰ্কত ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক উত্তৰ দিবলৈ দাবী কৰে মন্ত্ৰী হাজৰিকাই ৷ এই বিষয়ে উচ্চতম ন্যায়ালয়ক জনাব বুলি জানিবলৈ দিয়ে পীযুষ হাজৰিকাই ৷

ABOUT THE AUTHOR

...view details